/asomiyapratidin/media/media_files/2025/04/10/9hxWi28elM0bis9Ye3Af.png)
‘প্ৰষিদ্ধ ভাষাবিদ, শিক্ষাবিদ ড০ নগেন ঠাকুৰৰ বিয়োগত ৰাজ্যৰ বৌদ্ধিক সমাজৰ লগতে ‘হেমকোষ’ পৰিয়াল তথা ‘সাদিন প্ৰতিদিন’ গোষ্ঠীৰ কৰ্ণধাৰ, ‘অসমীয়া প্ৰতিদিন’ৰ সম্পাদক জয়ন্ত বৰুৱা অতিকে মৰ্মাহত। প্ৰসিদ্ধ গৱেষকগৰাকীৰ মৃত্যুৰ ঘটনাৰ খবৰে ম্ৰিয়মান কৰি তোলা ‘সাদিন প্ৰতিদিন গোষ্ঠী’ৰ অধ্যক্ষ তথা সম্পাদকগৰাৰীয়ে তাৎক্ষণিকভাৱে তেওঁৰ মনোবেদনা আৰু অভিব্যক্তি অতি সংক্ষিপ্তভাৱে প্ৰকাশ কৰে। তেওঁ প্ৰকাশ কৰা সেই মনোবেদনা আৰু অভিব্যক্তি হুবহু আগবঢ়োৱা হ’ল।
‘পিতৃৰ পাছত মই দ্বিতীয়গৰাকী অভিভাৱকক হেৰুৱালো’
ড০ নগেন ঠাকুৰ কেৱল ভাষাতত্ববিদেই নহয়, তেওঁ আছিল অসমীয়া ভাষা সাহিত্যৰো অভিভাৱক স্বৰূপ। মোৰ প্ৰয়াত পিতৃ হেমকোষপ্ৰাণ দেৱানন্দ কোঁৱৰৰ সৈতে একেলগে থাকি তেওঁ যিদৰে হেমকোষৰ বৰ্ধিত চতুৰ্দশ সংস্কৰণৰ কাম কৰিছিল তাৰ বাবে কেৱল হেমকোষ পৰিয়ালেই নহয়, সমগ্ৰ অসমেই তেওঁৰ ওচৰত চিৰ ঋণি।
তেওঁ এই শতিকাত হেমকোষৰ বাবে বহু অৱদান আগবঢ়াই থৈ গৈছে। সেয়ে তেওঁক জাতিয়ে সদায়েই মনত ৰখা উচিত। আৰু মই ভাবোঁ জাতিয়ে তেওঁক সেইদৰেই মনত ৰাখিব।
ব্যক্তিগতভাৱে মোৰ পিতৃৰ পাছত আজি আৰু এজন অভিভাৱকক হেৰুৱালো। তেওঁৰ কাষলে যেতিয়াই গৈছিলো মোৰ এনে লাগিছিল মই যেন নিজৰ পিতৃকহে কাষত পাইছো।
দেৰগাঁৱলৈ গ’লে, উজনি অসমলৈ গ’লে মই তেখেতৰ ঘৰত সোমাইছিলো। দেৰগাওঁ সাহিত্যসভা ভৱনৰ সন্মুখত ওজা হেমচন্দ্ৰ বৰুৱাৰ নতুনকৈ নিৰ্মাণ কৰা মূৰ্তি উদ্বোধন কৰিবলৈ যেতিয়া মোক নিমন্ত্ৰণ দিছিল, মই তেতিয়া তেওঁক মোৰ লগত লৈ হেমচন্দ্ৰ বৰুৱাৰ মূৰ্তি উদ্বোধন কৰিছিলো।
পিতৃতুল্য ড০ নগেন ঠাকুৰৰ বহু উপদেশে মোক হেমকোষৰ ক্ষেত্ৰত আগুৱাই যাবলৈ শক্তিৰো যোগান ধৰিছিল। সেই শক্তিয়ে মোক হেমকোষক লৈ বহু কাম কৰাত প্ৰেৰণা যোগাইছিল। তেওঁৰ মৃত্যুত মই আজি খুবেই মৰ্মাহত।