/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/dibrugarh-university-news-aiiimssmsms.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে ৰাজ্যপালে নিযুক্তি প্ৰদান কৰিলে ড০ জিতেন হাজৰিকাক। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হিচাপে দায়িত্ব পালন কৰি আছিল ড০ হাজৰিকাই। ৰাজ্যপাল প্ৰফছৰ জগদীশ মুখীয়ে এক পত্ৰৰ জৰিয়তে ড০ হজাৰিকাৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰিছে। উল্লেখ্য যে আগন্তুক ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য ড০ লীলাকান্ত নাথে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us