/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/44aa9147-67fb-4b40-8acb-a19dc909d4ef/151.jpg)
ডিজিটেল ডেস্ক : আজি বিশ্বকাপৰ মহাৰণ। সুদীৰ্ঘ ১২ বছৰৰ মূৰত বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে টীম ইণ্ডিয়া। চলিত বিশ্বকাপত অপ্ৰতিৰোধ্য অশ্বমেধৰূপী ৰোহিতবাহিনী।
১ লাখ ৩০ হাজাৰ আসনযুক্ত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-অষ্ট্ৰেলিয়াৰ খিতাপ জয়ৰ মহাৰণ। ইতিমধ্যে এই বিৰল মুহূৰ্তৰ সাক্ষী হ'বলৈ আহমেদাবদলৈ যাব মুখ্যমন্ত্ৰী ড০ হিন্ত বিশ্ব শৰ্মা।
৩.৫ কোটি অসমবাসীৰ শুভেচ্ছা লৈ আহমেদাবাদলৈ যাব ড০ হিমন্ত বিশ্ব শৰ্মা। আনহাতে বিশ্বকাপৰ ফাইনেল মেচখনত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোডী। ইফালে দেশৰ বিভিন্ন প্ৰান্তৰ মন্দিৰ-মন্দিৰে টীম ইণ্ডিয়াৰ বিশ্ব জয়ৰ বাবে অগণন লোকে জনাইছে প্ৰাৰ্থনা।
Also Read: ঘোগাত নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ৰঘুনাথ চৌধাৰী স্মৃতি দিৱস পালন