প্ৰশান্ত বৰুৱালৈ ২০২৩ বৰ্ষৰ ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য বঁটা

বিশিষ্ট সাংবাদিক, সম্পাদক প্ৰশান্ত বৰুৱালৈ ২০২৩ বৰ্ষৰ ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য বঁটা ঘোষণা হোৱাৰ পিছত মঙলদৈৰ শৈক্ষিক, সামাজিক মহলে আনন্দ প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
প্ৰশান্ত বৰুৱালৈ ২০২৩ বৰ্ষৰ ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য বঁটা

ডিজিটেল সংবাদ, মঙলদৈঃ বিশিষ্ট সাংবাদিক, সম্পাদক প্ৰশান্ত বৰুৱালৈ ২০২৩ বৰ্ষৰ ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য বঁটা ঘোষণা হোৱাৰ পিছত মঙলদৈৰ শৈক্ষিক, সামাজিক মহলে আনন্দ প্ৰকাশ কৰে। ১৯৭৮ চনৰ ১১ এপ্ৰিলত জন্ম লাভ কৰা সাপ্তাহিক মঙ্গল বাতৰিৰ মুখ্য সম্পাদক, বিশিষ্ট সাংবাদিক প্ৰশান্ত বৰুৱালৈ অসম চৰকাৰে আগবঢ়াইছে ২০২৩ বৰ্ষৰ ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য বঁটা। এই বঁটা ১৭ জানুৱাৰীত তেজপুৰত হ'বলগীয়া শিল্পী দিৱসত তেওঁক প্ৰদান কৰিব।

Advertisment

নানান ঘাত - প্ৰতিঘাতৰ মাজেদি ৪৬ বছৰে অবিৰত ভাৱে মঙলদৈৰ দৰে মফচলীয় চহৰ এখনৰ পৰা বাতৰি কাকত প্ৰকাশ কৰাৰ লগতে বহুজন সাংবাদিক সৃষ্টি কৰাটো দুৰূহ কাম- যিটো কাম প্ৰশান্ত বৰুৱাদেৱে কৰি দেখুৱালে। বৰুৱা দেৱৰ এই সাফল্যত দৰং জিলা সাহিত্য সভা, মঙলদৈ জিলা মইনা পাৰিজাত, দৰং জিলা ছাত্ৰ সন্থা,আন্ত মঙলদৈ ছাত্ৰ সন্থা, মঙলদৈ প্ৰেছ ক্লাব, দৰং জিলা বাৰ্তাজীবি সংঘ , দৰং জিলা কৰ্মচাৰী পৰিষদ, মঙলদৈ সনাতন ধৰ্ম সভা আদি অনুস্থান প্ৰতিস্থানে শুভেচ্ছা জনাই।

Also Read: 'চেলেঞ্জ'লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ মনোনয়ন

Dr. Birendra Kumar Bhattacharya Award mongoldoi