'চেলেঞ্জ'লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ মনোনয়ন

২৩ ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ হাৰিয়ানাত পঞ্চম চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱ
'চেলেঞ্জ'লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ মনোনয়ন

ডিজিটেল সংবাদঃ বছৰটোৰ আৰম্ভণিতেই ৰাজ্যখনলৈ আহিল এটা আনন্দৰ খবৰ । আগন্তুক পঞ্চম 'চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱ'ৰ বাবে অসমৰ 'চেলেঞ্জ' তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বাবে মনোনয়ন লাভ কৰিছে । মহোৎসৱ কৰ্তৃপক্ষই আনুষ্ঠানিকভাবে এই খবৰ জনাইছে ।

অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়াকৈ হাৰিয়ানাৰ পঞ্চকুলাত এই মহোৎসৱ অনুষ্ঠিত হ'ব । অহা ২৩ ফেব্ৰুৱাৰী, শুকুৰবাৰে মহোৎসৱত প্ৰদৰ্শিত হ'ব 'চেলেঞ্জ' ।

উল্লেখযোগ্য যে যোৱা বছৰৰ ডিচেম্বৰত ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে পুৰস্কৃত হৈ 'গ'ল্ডেন ৰয়েল বেংগল টাইগাৰ এৱাৰ্ড' লাভ কৰিছিল 'চেলেঞ্জ' তথ্যচিত্ৰখনে ( স্মাৰক, ৩ লাখ টকা আৰু চাৰ্টিফিকেট ) ।

শিৱাণু বৰাৰ কনচেপ্টক লৈ কামৰূপা ক্ৰিয়েচনচৰ বেনাৰত নিৰ্মিত 'চেলেঞ্জ' প্ৰযোজনা কৰিছে ভৰত কলিতাই । তথ্যচিত্ৰখনৰ পৰিচালনা ৰমেন বৰা আৰু শিৱাণু বৰাই । চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই । চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ । ছাউণ্ড ডিজাইন অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ । ধাৰাভাষ্য পবিত্ৰ মাৰ্ঘেৰিটা আৰু জীতেন্দ্ৰ ৰামপ্ৰকাশৰ । ডি আই ৰতন শীল শৰ্মাৰ ।

এনে এটি মৰ্যাদাসম্পন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা শাখাত 'চেলেঞ্জ' তথ্যচিত্ৰখনে মনোনয়ন লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে তথ্যচিত্ৰখনৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্যলৈ অভিনন্দন তথা শুভেচ্ছা জনাইছে তথ্যচিত্ৰখনৰ প্ৰযোজক আৰু পৰিচালকে ।

'চেলেঞ্জ'লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ মনোনয়ন
২০ জানুৱাৰীত জৱাহৰ নবোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in