/asomiyapratidin/media/media_files/2025/06/09/QX3J6VQDqXDiBjsQe4Jw.jpeg)
ডিজিটেল ডেস্কঃ অসম বিধানসভাত আজি অনুষ্ঠিত হয় এদিনীয়া বিশেষ অধিবেশন। এই অধিবেশনত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অহা ৮ ছেপ্টে ম্বৰৰ পৰা বছৰযোৰা কাৰ্যসূচীৰে এই জন্ম শতবৰ্ষীয় কাৰ্যসূচী আৰম্ভ হ’ব।
ইতিমধ্যে অসম চৰকাৰৰ কেবিনেট বৈঠকত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আয়োজনৰ সন্দৰ্ভত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই সকলোবোৰ আজিৰ অধিবেশনত আলোচনালৈ আহে। সেই অনুসৰিয়েই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ড০ ভূপেন হাজৰিকাৰ নামত নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই বছৰযোৰা কাৰ্যসূচীৰ আৰম্ভণিৰ দিনটোত গুৱাহাটীৰ খানপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত ১০০০ যুৱক-যুৱতীয়ে পৰিবেশন কৰিব সুধাকণ্ঠৰ ‘অসম আমাৰ ৰূপহী’ শীৰ্ষক কালজয়ী গীতটো। সেই দিনাই দেশৰ বিভিন্ন প্ৰান্তত বিশষকৈ অৰুণাচল প্ৰদেশ, পশ্চিমবংগ, মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’ব সুধাকণ্ঠক স্মৰণ কৰি বিভিন্ন অনুষ্ঠান।
ইতিমধ্যে সুধাকণ্ঠৰ নামত এটা মুদ্ৰা তৈয়াৰ কৰাৰ প্ৰস্তাৱ ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰিব বুলি ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। সেই সিদ্ধান্তৰ কথাও আজিৰ অসম বিধানসভাত আলোচিত হয়।
ইফালে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদনাত সুধাকণ্ঠ বিষয়ক এখন গ্ৰন্থৰো কাম চলি আছে। মুঠ ২৩ টা ভাষালৈ অনুবাদ হ’বলগীয়া এই গ্ৰন্থখনৰ প্ৰায় ৪ লাখ কপি অসম চৰকাৰৰ উদ্যোগত দেশৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ লাইব্ৰেৰীলৈ প্ৰেৰণ কৰা হ’ব। ইয়াৰে ১০ ৰ পৰা ১২ লাখখন গ্ৰন্থ অসমৰ যুৱ-প্ৰজন্মৰ বাবে বিভিন্নজনৰ ঘৰলৈ প্ৰেৰণ কৰা হ’ব।
তাৰোপৰি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ নামত এখন আসন প্ৰতিষ্ঠাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বছৰযোৰা কাৰ্যসূচীৰ অন্ত পৰিব ২০২৬ ৰ ৮ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত।