আনন্দ চন্দ্ৰ কলেজত শিক্ষাবিদ ড০ অৱনী কুমাৰ ভাগৱতী

বৰ্ধিত জনসংখ্যা আৰু আধুনিক উন্নয়ন প্ৰক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত সম্পদৰ চিনাক্তকৰণ, আহৰণ, ব্যৱহাৰ আৰু তৎজনিত আবৰ্জনাৰ পৰিচালনা পৰিৱেশৰ অনুকূলে যথোপযুক্তভাৱে কৰিব নোৱাৰিলে সমস্যাই অদূৰ ভৱিষ্যতে ভয়াবহ ৰূপ ল'ব পাৰে বুলি তেওঁ মত প্ৰকাশ কৰে ।

author-image
Asomiya Pratidin
New Update
আনন্দ চন্দ্ৰ কলেজত শিক্ষাবিদ ড০ অৱনী কুমাৰ ভাগৱতী

ডিজিটেল সংবাদ, গুৱাহাটীঃ পশ্চিমবঙ্গৰ আনন্দ চন্দ্ৰ কলেজ চৌহদত বঙ্গীয় ভূগোল মঞ্চ আৰু এই কলেজৰ যৌথ উদ্যোগত জনসংখ্যা, উন্নয়ন আৰু পৰিৱেশ বিষয়ক এখন দুদিনীয়াকৈ ২৪ -২৫ ফেব্ৰুৱাৰীত আলোচনাচক্ৰ অনুষ্ঠিত হয় । ইয়াত ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ ভূগোলবিদ, পৰিৱেশ বিজ্ঞানী আৰু স্বেচ্ছাসেৱী অনুষ্ঠানৰ সমল ব্যক্তিয়ে যোগদান কৰে ।

Advertisment

উদ্যোক্তাসকলৰ আমন্ত্ৰণ ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতীয়ে আলোচনাচক্ৰখনত যোগদান কৰি জনসংখ্যা, প্ৰাকৃতিক সম্পদ আৰু উন্নয়নৰ মাজৰ পৰিবৰ্তনশীল সম্পৰ্কৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। সমগ্ৰ পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰিপ্ৰেক্ষিতত পৰিৱেশ-সমস্যাৰ সাম্প্ৰতিক অৱস্থাৰ চিত্ৰখন দাঙি ধৰি ড০ ভাগৱতীয়ে ভৱিষ্যতে ল'ব লগীয়া সাৱধানতৰ ওপৰত আলোকপাত কৰে ।

বৰ্ধিত জনসংখ্যা আৰু আধুনিক উন্নয়ন প্ৰক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত সম্পদৰ চিনাক্তকৰণ, আহৰণ, ব্যৱহাৰ আৰু তৎজনিত আবৰ্জনাৰ পৰিচালনা পৰিৱেশৰ অনুকূলে যথোপযুক্তভাৱে কৰিব নোৱাৰিলে সমস্যাই অদূৰ ভৱিষ্যতে ভয়াবহ ৰূপ ল'ব পাৰে বুলি তেওঁ মত প্ৰকাশ কৰে । আলোচনাচক্ৰখনে প্ৰধানকৈ আমাৰ দেশখনে সন্মুখীন হৈ অহা সমস্যাসমূহৰ গ্ৰহণযোগ্য সমাধানৰ ক্ষেত্ৰত ভূগোল বিষয়টোৰ ভূমিকা সম্পৰ্কে পৰ্যালোচনা কৰে।

Also Read: কটনত এই দশা, ছাত্ৰ-ছাত্ৰী নাই এই বিভাগত পঢ়া...

guwahati ananda chandra college