দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী মুকলি : নীপকোৰ সৰ্তকতামূলক জাননী

দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী মুকলি : নীপকোৰ সৰ্তকতামূলক জাননী

author-image
Asomiya Pratidin
New Update
দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী মুকলি : নীপকোৰ সৰ্তকতামূলক জাননী

ডিজিটেল সংবাদ,মেৰাপানী : নগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী মুকলি কৰি দিয়াৰ সন্দৰ্ভত নীপকো কৰিছে সৰ্তকতামূলক জাননী। শুকুৰবাৰে গোলাঘাট জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰে এই জাননী।

Advertisment

জাননীত উল্লেখ থকা মতে, বিগত কেউটা দিন ধৰি নগালেণ্ডত নেৰানেপেৰা বৰষুণৰ ফলত দৈয়াং জলাশয়ৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। বৰ্তমান জলাশয়ৰ পানীৰ স্তৰ ইএল 318.40 আছে।

দৈয়াং জলাশয়ৰ পানীৰ স্তৰ চৰম সীমা 324.00 মিটাৰ যদিও ই. এল. 321.00 মিটাৰ অতিক্ৰম কৰিলেই অতিৰিক্ত পানী এৰি দিয়াৰ বাবে দৈয়াং বান্ধৰ ৰেডিয়েল গেট মুকলি কৰা হ'ব বুলি জানিবলৈ দিছে। এই সময়ত যাতে দৈয়াং নদীৰ কাষৰীয়া লোকসকলে সৰ্তকতা অৱলম্বন কৰি নৈত মাছ ধৰা, নাঁও চলোৱা, গা-ধোৱা আদি কামৰ পৰা বিৰত থাকে তাৰ বাবে জনসাধাৰণক সকিয়াই দিছে।

Also Read: বানৰ সমান্তৰালকৈ চিলাপথাৰ অঞ্চলত অব্যাহত আছে ভয়ংকৰ গৰাখহনীয়া

merapani neepco Doyang hydropower project