ডিঙিত ৰচী লগাই পত্নীক হত্যাৰ চেষ্টা, বৰ্তমান ICUত…

ডিঙিত ৰচী লগাই পত্নীক হত্যাৰ চেষ্টা, বৰ্তমান ICUত…

author-image
asomiyapratidin
New Update
ডিঙিত ৰচী লগাই পত্নীক হত্যাৰ চেষ্টা, বৰ্তমান ICUত…

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত যৌতুকৰ নামত অত্যাচাৰৰ ঘটনা। স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে এগৰাকী মহিলাক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান জীৱন মৰণৰ সৈতে যুঁজি আছে মহিলা গৰাকীয়ে।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি ২০১৮ চনৰ নমেম্বৰ মাহত চেগুনবাৰীৰ নিৱাসী প্ৰদীপ তালুকদাৰৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল মহিলা গৰাকীয়ে। তেওঁলোকৰ এটি সন্তানো আছে। অভিযোগ অনুসৰি বিয়াৰ পাছৰে পৰা মহিলা গৰাকীৰ স্বামীৰ লগতে স্বামীৰ দুই ভাতৃ পিংকু, অৰূপ আৰু শাহুয়েক-শহুৰেকে যৌতুক বিচাৰি মহিলা গৰাকীৰ ওপৰত অত্যাচাৰ চলাই আহিছিল।

বিভিন্ন সময়ত মহিলাগৰাকীৰ পৰিয়ালে টকা দি আহিছে যদিও ২০২২ চনৰ ১৭ মাৰ্চত মহিলা গৰাকীৰ স্বামীয়ে মদ্যপান কৰি আহি ডিঙিত ৰচী লগাই প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, বৰ্তমান মহিলা গৰাকী জিএমচিএইচত ভৰ্তি হৈ আছে। আইচিইউত জীৱন মৰণৰ সৈতে যুঁজি আছে। ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে ফটাশীল আমবাৰী থানাত এজাহাৰ দাখিল কৰিছে।

assam dowry Assam police