নামভৰ্ত্তিক লৈ হাহাকাৰঃ দৰঙত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত আসন বৃদ্ধিৰ দাবী আছুৰ…

নামভৰ্ত্তিক লৈ হাহাকাৰঃ দৰঙত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত আসন বৃদ্ধিৰ দাবী আছুৰ…

author-image
asomiyapratidin
New Update
নামভৰ্ত্তিক লৈ হাহাকাৰঃ দৰঙত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত আসন বৃদ্ধিৰ দাবী আছুৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ সমগ্ৰ অসমৰ ভিতৰতে দৰং জিলাৰ ছাত্ৰ ছাত্ৰী সকলে নিজ জিলাত প্ৰধানকৈ শিক্ষাৰ ক্ষেত্ৰত পৰ্যাপ্ত সা সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি গুৰুতৰ অভিযোগ কৰিছে সদৌ দৰং জিলা ছাত্ৰ সন্থাই ।সদৌ দৰং জিলা ছাত্ৰ সন্থাই এক বিবৃতিৰ জৰিয়তে জনাইছে যে প্ৰতি বছৰে জিলা খনৰ ছাত্ৰ ছাত্ৰী সকলে যথেষ্ট ভাল ফলাফল দেখুৱাব সক্ষম হয় যদিও দৰং জিলাত উচ্চ শিক্ষাৰ সীমিত অনুষ্ঠান আৰু সীমিত আসনৰ বাবে বহুতো ছাত্ৰ ছাত্ৰী শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিছে।

Advertisment

দৰং জিলাৰ ছাত্ৰ ছাত্ৰী সকলে উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত নাম ভৰ্তিৰ ক্ষেত্ৰত প্ৰতি বছৰে অসুবিধাৰ সন্মূখীন হৈ আহিছে। বিভিন্ন সময়ত চৰকাৰ তথা শিক্ষা বিভাগক দাবী জনোৱাৰ পিছতো শিক্ষা বিভাগে দৰং জিলাৰ উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত আসন বৃদ্ধিৰ ব্যৱস্থা নকৰিলে। ফলত উত্তীৰ্ণ অধিক ছাত্ৰ ছাত্ৰী যি সকলে জিলা খনৰ বাহিৰত গৈ অধ্যয়ন কৰিবলৈও আৰ্থিক ভাৱে সক্ষম নহয় সেই সকল ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱন আধাতে সমাপ্ত হৈছে।

চলিত বর্ষত যিহেতু কৰ'ণা মহামাৰীৰ আতংকৰ বাবে জিলা খনৰ ছাত্ৰ ছাত্ৰী সকলৰ জিলা খনৰ বাহিৰত পঢ়িব যাবলৈ অসুবিধাৰ সৃষ্টি হৈছে।এনেকুৱা এক জটিল সময়ত ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন মহাবিদ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিও সীমিত আসনৰ বাবে নামভৰ্তি কৰিবলৈ সক্ষম হোৱা নাই।

এই বৰ্ষত জিলা খনৰ পৰা কলা শাখাত ৮৯.০৭% হাৰত মুঠ ৪৪৯৭ গৰাকী ,বিজ্ঞান শাখাত ৯০.৭৪% হাৰত মুঠ ১০১৯ গৰাকী, বাণিজ্য শাখাত ৯২.৪% হাৰত ৬৯৪ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে।ইয়াৰ উপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫% ত কৈও অধিক হাৰত ছাত্ৰ ছাত্ৰী উতীৰ্ণ হৈছে। কিন্তু ছাত্ৰ ছাত্ৰী অনুপাতে বৰ্তমান জিলা খনৰ বিদ্যালয় মহাবিদ্যালয় সমূহত আসনৰ সংখ্যা সীমিত । যাৰ ফলত ছাত্ৰ ছাত্ৰী সকল শিক্ষা লাভৰ পৰা বঞ্চিত হব লগা হৈছে।

সেয়েহে দৰং জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত প্ৰতিটো শাখাত আসন বৃদ্ধি কৰি ছাত্ৰ ছাত্ৰী সকলক শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰিবলৈ শিক্ষা বিভাগ তথা চৰকাৰৰ ওচৰত দাবী জনাই সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সম্পাদক পৰাগ কুমাৰ চহৰীয়া আৰু সভাপতি খনিন্দ্ৰ ৰাজবংশীয়ে।