১১ বজাত মুখ্যমন্ত্ৰী ৰিয়’ই ফ্লেগ অফ কৰিব নাহৰলাগুন সংযোগী ‘ডনী পল’ এক্সপ্ৰেছৰ…

১১ বজাত মুখ্যমন্ত্ৰী ৰিয়’ই ফ্লেগ অফ কৰিব নাহৰলাগুন সংযোগী ‘ডনী পল’ এক্সপ্ৰেছৰ…

author-image
asomiyapratidin
New Update
১১ বজাত মুখ্যমন্ত্ৰী ৰিয়’ই ফ্লেগ অফ কৰিব নাহৰলাগুন সংযোগী ‘ডনী পল’ এক্সপ্ৰেছৰ…

ডিজিটেল ডেস্ক : কিছু সময়ৰ পাছতে ৰে'লৱে মানচিত্ৰত নাগালেণ্ডৰ সৈতে অৰুণাচলৰ পোনপটীয়া সংযোগ স্থাপনৰ এক যাত্ৰা পথ সংযোজীত হ'ব। ডিমাপুৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ শ্বুকভিৰ পৰা নাহৰলাগুনলৈ চলাচল কৰিব লগা ১৫৮১৭/১৫৮১৮ ডনী পল এক্সপ্ৰেছখনৰ আজি উদ্বোধনী যাত্ৰা সেৱা ১১ বজাত ফ্লেগ অফ কৰি মুকলি কৰিব নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ ৰিয়'ই।

Advertisment

এই অনুষ্ঠানত উত্তৰপূব ৰে'লৰ মহাপ্ৰৱন্ধক আৰু লামডিং মাণ্ডলিক প্ৰৱন্ধককে ধৰি বহু ৰেল বিষয়া আৰু বিশিষ্ট লোক উপস্থিত থাকিব। উল্লেখ্য যে শ্বুকভি হ'ল লামডিং ৰেল মণ্ডলৰ অন্তৰ্গত আৰু নাগালেণ্ডৰ চুকুংদিয়া জিলাৰ অধীনস্থ।

আনহাতে উত্তৰ পূৱ ৰে'লৰ অন্তৰ্গত ডিমাপুৰৰ পিছতে শ্বুকভি নাগালেণ্ডৰ দ্বিতীয়টো প্ৰধান জংছন। য'ৰ পৰা মিজোৰাম আৰু গুৱাহাটীৰ মাজৰ ৰে'ল সেৱা নিয়ন্ত্ৰীত হয়। আজিৰ পৰা আৰম্ভ হ'ব লগা এই ৰে'ল সেৱাই নাহৰলাগুনৰ উপৰি গুৱাহাটী আৰু মিজোৰামকো সাঙুৰি লব।

এই ৰে'ল যাত্ৰাৰ বাবে ১২ ঘন্টাৰ প্ৰয়োজন হ'ব। ইতিমধ্যে শ্বুকভি ৰে'ল ষ্টেচনত ডনী পল এক্সপ্ৰেছখন ফ্লেগ অফৰ বাবে সজাই তোলা হৈছে।

assam nagaland