বিতৰ্কত ডলো-৬৫০, পেছক্ৰিপছনত দৰৱ লিখাৰ বাবদ ১ হাজাৰ কোটি টকাৰ উপহাৰ…

বিতৰ্কত ডলো-৬৫০, পেছক্ৰিপছনত দৰৱ লিখাৰ বাবদ ১ হাজাৰ কোটি টকাৰ উপহাৰ…

author-image
asomiyapratidin
New Update
বিতৰ্কত ডলো-৬৫০, পেছক্ৰিপছনত দৰৱ লিখাৰ বাবদ ১ হাজাৰ কোটি টকাৰ উপহাৰ…

ডিজেটেল ডেস্ক : কভিড-১৯ মহামাৰীৰ সময়ত বেছিকৈ ব্যৱহৃত হোৱা ডলো-৬৫০ হৈছে ভাৰতৰ এক ঘৰুৱা ব্ৰেণ্ড। ঔষধ নিৰ্মাতাসকলে চিকিৎসকসকলক ১ হাজাৰ কোটি টকা প্ৰদান কৰাৰ অভিযোগ ৰখাৰ পিছত শিৰোনাম দখল কৰিছিল ডলো-৬৫০য়ে । প্ৰেছক্ৰিপশ্বনত ডলো-৬৫০ দৰৱ লিখাৰ বাবদ ১ হাজাৰ কোটি টকাৰ উপহাৰ লাভ কৰিছিল চিকিৎসকে। পাছ পেলাইছিল বাকী জ্বৰৰ ঔষধক।

Advertisment

উল্লেখ্য যে ঔষধ সমূহ প্ৰচাৰ আৰু অধিক বিক্ৰীৰ বাবে লাগে চিকিৎসকৰ পৰামৰ্শ। কভিড মহামাৰীৰ সময়ত ডলো কোম্পানীৰ ঔষধ অধিক বিক্ৰীৰ বাবে কোম্পানীটোৱে চিকিৎসক দিছিল ১ হাজাৰ কোটি টকাৰ উপহাৰ। যাৰ বাবে চিকিৎসকসকলে ৰোগীক ডলো-৬৫০ ঔষধ ক্ৰয় কৰিবলৈ উপদেশ দিছিল। কিন্তু কিমান প্ৰয়োজনীয় আৰু সুবিধাশালী এই ডলো-৬৫০।

কেৱল প্ৰচাৰ আৰু অধিক বিক্ৰীৰ বাবে কোম্পানীটোৱে চিকিৎসকক ১ হাজাৰ কোটি টকাৰ উপহাৰ প্ৰদান কৰি নিজৰ লাভৰ দিশটো বিচাৰ কৰিলে। বাদ পৰি ৰল আন সমূহ ঔষধ। অধিক বিক্ৰীৰ ফলত পাছত বিতৰ্কত সোমাই পৰিল এঅ ডলো-৬৫০ ঔষধ।

উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে ইয়াক "গুৰুতৰ বিষয়" বুলি অভিহিত কৰিছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক প্ৰতিনিধিত্ব কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে.এম. নটৰাজক ১০ দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও, আদালতে বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে ২৯ আগষ্টৰ দিন ধাৰ্য কৰিছে।

মাইক্ৰ'লেবৰ জয়ৰাজ গোবিন্দৰাজুৱে কয় যে "ফেডাৰেচন অফ মেডিকেল এণ্ড চেলছ ৰিপ্ৰেজেণ্টেটিভ এছ'চিয়েচন অফ ইণ্ডিয়াৰ বাবে ব্যয় কৰা ১,০০০ কোটি টকা এক সম্পূৰ্ণ অতিৰঞ্জিত। কিয়নো ইয়াৰ বাবে বিনামূলীয়া ধন অতি কম। তেওঁ লগতে কয় যে ড'লো হৈছে ৩৫০ কোটি টকা ৪০০ কোটি টকাৰ ব্ৰেণ্ড আৰু ১,০০০ কোটি টকা খৰচ কৰাটো অতিৰঞ্জিত সংখ্যা যেন লাগে।"

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠক জনোৱা হৈছিল যে জ্বৰৰ বাবে ব্যৱহৃত ঔষধ ডলো-৬৫০ চেণ্ট্ৰেল ব'ৰ্ড ফৰ ডাইৰেক্ট টেক্সেছ (চিবিডিটি)য়ে টেবলেটৰ নিৰ্মাতাসকলক টেবলেটটো প্ৰেছক্ৰিপশ্বন কৰাৰ বাবে চিকিৎসকসকলক ১,০০০ কোটি টকাৰ বহু সামগ্ৰী বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

আৰু পঢ়ক : নামৰূপত কবি বিবি মহন্তৰ ওপজা দিনত কাব্য গ্ৰন্থ উন্মোচন…

india