দিব্যাংগ শিশু, কিশোৰৰ সৈতে জন্ম দিন উদযাপন চিকিৎসকৰ…

দিব্যাংগ শিশু, কিশোৰৰ সৈতে জন্ম দিন উদযাপন চিকিৎসকৰ…

author-image
asomiyapratidin
New Update
দিব্যাংগ শিশু, কিশোৰৰ সৈতে জন্ম দিন উদযাপন  চিকিৎসকৰ…

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈত ব্যতিক্ৰমী ৰূপত ওপজা দিন উদযাপন ।বিশিষ্ট চিকিৎসক, সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ৭৯ সংখ্যক ওপজা দিন দেওবাৰে উদযাপন কৰে এক ব্যতিক্ৰমী ৰূপত। সাধাৰণতে কেক কাটি জন্ম দিন উদযাপন কৰাৰ বিপৰীতে একাংশ দিব্যাংগ শিশু, কিশোৰৰ সৈতে দিনটো উদযাপন কৰিলে বিশিষ্ট চিকিৎসক গৰাকীয়ে ।

Advertisment

অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে উপস্থিত থাকিল এন কে টিভিৰ মুখ্য সম্পাদক মনোজ গোস্বামী। আজি বিশিষ্ট চিকিৎসক তথা সাহিত্যিক গৰাকীৰ জন্ম দিনটোত প্ৰথমে তেখেতৰ মঙলদৈস্থ পাম ৰুণমল বাগিছাত ১৫ বছৰৰ তলৰ ৩০ গৰাকী দিব্যাংগ শিশু, কিশোৰসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাই লগতে তেখেতসকলক উৎসাহ দিয়াৰ উদ্দেশ্যৰ এটা এটা স্মাৰক আৰু একোখন গামোচাৰে মৰম যাচে কিশোৰসকলক ।

দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই বন্তি প্ৰজ্জলন কৰাৰ পিছতে ৰুণমল বাগিছাত আৰম্ভ হয় বিভিন্ন কাৰ্যসূচী ।
বিশিষ্ট সংগীত শিল্পী আশা কটকীয়ে গীত পৰিবেশন কৰাৰ লগতে বিশিষ্ট শিল্পী ৰূপম তালুকদাৰে দোতোৰাৰে গীত পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে ।