ডবকাৰ পাঞ্জাৱ নেচনেল বেংকত ধন লুট কৰা প্ৰৱঞ্চকক আটক...

হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ডবকা চহৰৰ মাজমজিয়াত থকা পাঞ্জাৱ নেচনেল বেংকৰ পৰা প্ৰৱঞ্চানাৰে গ্ৰাহকৰ ধন লুটিবলৈ চেষ্টা কৰা এটি প্ৰৱঞ্চকক আটক কৰে আৰক্ষীয়ে ৷
ডবকাৰ পাঞ্জাৱ নেচনেল বেংকত ধন লুট কৰা প্ৰৱঞ্চকক আটক...

ডিজিটেল সংবাদ, ডবকা : হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ডবকা চহৰৰ মাজমজিয়াত থকা পাঞ্জাৱ নেচনেল বেংকৰ পৰা প্ৰৱঞ্চানাৰে গ্ৰাহকৰ ধন লুটিবলৈ চেষ্টা কৰা এটি প্ৰৱঞ্চকক আটক কৰে আৰক্ষীয়ে ৷

ধৃত প্ৰৱঞ্চকটো বিহাৰৰ কুমাৰ শংকৰ ৷ বাতৰি অনুসৰি শুকুৰবাৰে আবেলি ডবকাস্থিত পাঞ্জাৱ নেচনেল বেংকৰ শাখাত মাক্স পৰিহিত এজন যুৱক সন্দেহ জনক অৱস্থাত ঘূৰা ফুৰা দেখা পায় বেংকলৈ অহা একাংশ গ্ৰাহকে ৷

পাছত যুৱক জনক কৰায়ত্ব কৰি একাংশ লোকে যুৱকজনক সোধপোচ কৰে ৷ তেনে সময়তে বেংকলৈ অহা ডবকা চহৰৰ ৫ নং ৱাৰ্ডৰ আবুল হুছেইন নামৰ লোকজনে প্ৰৱঞ্চকটোক চিনি পায় আৰু ৰাইজক অৱগত কৰে ৷

ৰাইজ আৰু বেংকৰ কৰ্মচাৰীয়ে যুৱকজনক কৰায়ত্ব কৰি ডবকা আৰক্ষীক খবৰ দিয়ে ৷ ডবকা আৰক্ষীয়ে ততাতৈয়াকৈ বেংকত উপস্থিত হৈ প্ৰৱঞ্চক যুৱকজনক আটক কৰি ডবকা আৰক্ষী থানালৈ লৈ যায় ৷ প্ৰঞ্চকটোৰ লগত থকা আন আন সদস্য সকলক কৰায়ত্ব কৰিবলৈ ইতিমধ্যে ডবকা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

ইফালে প্ৰৱঞ্চক কুমাৰ শংকৰেও প্ৰৱঞ্চনাৰে গ্ৰাহকৰ পৰা ধন লুট কৰি নিয়াৰ কথা সাংবাদিকৰ আগত স্বীকাৰ কৰে ৷ উল্লেখ্য যে যোৱা ২ ছেপ্টেম্বৰ তাৰিখে ডবকা চহৰৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা আবুল হুছেইন নামৰ লোকজনৰ পৰা প্ৰৱঞ্চকজনে অতি কৌশলেৰে লুটি নিছিল ৫৫ হাজাৰ টকা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in