মাদ্ৰাছা উচ্ছদ কৰাক লৈ অসম ৰাজ্যিক জমিয়তৰ সংবাদমেল…

মাদ্ৰাছা উচ্ছদ কৰাক লৈ অসম ৰাজ্যিক জমিয়তৰ সংবাদমেল…

author-image
asomiyapratidin
New Update
মাদ্ৰাছা উচ্ছদ কৰাক লৈ অসম ৰাজ্যিক জমিয়তৰ সংবাদমেল…

ডিজিটোল সংবাদ, ডবকা : বঙাইগাঁৱৰ যোগীঘোপাত মাদ্ৰাছা উচ্ছদ কৰাক লৈ অসম ৰাজ্যিক জমিয়তৰ সংবাদমেল ৷ মাদ্ৰাছা উচ্ছেদৰ বাবে উপায়ুক্তই দিয়া নিৰ্দেশনাক লৈ আদালতৰ দাৰস্থ হ'ব অসম ৰাজ্যিক জমিয়ত উলেমা ৷

Advertisment

বেআইনী ভাৱে মাদ্ৰাছা উচ্ছেদক লৈ এইবাৰ সৰৱ হৈ পৰিছে অসম ৰাজ্যিক জমিয়ত উলেমা ৷ হোজাইৰ নীলবাগানত অসম ৰাজ্যিক জমিয়তৰ মৌলানা মস্তাক আনফৰ গোটৰ সংবাদমেল ৷ জেহাদীৰ নামত মাদ্ৰাছা উচ্ছেদক লৈ সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক জমিয়তৰ নেতৃত্বই ৷

মাদ্ৰাছা ভঙাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ'ব অসম ৰাজ্যিক জমিয়তৰ মোস্তাক আনফৰ গোট ৷ চৰকাৰে ভাঙি দিয়া বঙাইগাঁওৰ বঙাই কাবাইটাৰি মৰ্কজুল মা-আৰিফ ক্বাৰিয়ানা মাদ্ৰাছাখন অবৈধভাৱে নিৰ্মাণ কৰা বুলি উপায়ুক্তই ৰাজহুৱা কৰা নিৰ্দেশনাখনক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জমিয়ত নেতাসকলে ৷

সংবাদমেলত ৰাজ্যিক জমিয়ত সম্পাদক মাওলানা কলিম উদ্দিন, হোজাই জিলা জমিয়তৰ সভাপতি মুফতি মহাম্মদ আলী, তালিমী বোৰ্ডৰ সাধাৰণ সম্পাদক মুফতি মুজাহিদুল ইছলামসহ জমিয়ত নেতৃত্ব উপস্থিত থাকে ৷

assam guwahati himanta biswa sarma bjp