/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dabaka-flood.jpg)
ডিজিটেল সংবাদ, ডবকা : কৃত্ৰিম বানৰ কৱলত ডবকাৰ বহুকেইখন গাঁও ৷ ডবকাৰ ভগীৰামগাওঁ, হাবিগাওঁ, হাওঁগাওঁ, মাটিখলা, গুটিগাওঁ, বুঢ়িগাওঁ, শ্বুইচগেট এলেকাত ভয়ংকৰ পৰিস্থিতি ৷ সোমবাৰে মাজনিশাৰ পৰা আৰম্ভ হোৱা মুষলধাৰ বৰষুনৰ ফলত পাহাৰৰ পৰা নামি অহা ঢলত প্লাৱিত হয় গাওঁ কেইখন ৷
ভগীৰাম গাঁৱৰ নামঘৰৰ দেৱাল ভঙাৰ লগতে ৰাইজৰ ঘৰৰ দুৱাৰৰো ক্ষতি হয় ৷ খেতি-পথাৰত শিলৰ গুড়ি, বালি মাটি ভৰ্তি হোৱাৰ লগতে বহু লোকৰ পুখুৰীৰ পৰা মাছো ওলায় যায় ৷ বুঢ়িগাঁও আৰু নাহাৰগাঁৱৰ জলসিঞ্চন বিভাগৰ শ্বুইচগেটতো ব্যাপক ক্ষতি হয় ৷
কৃত্ৰিম বানৰ সমান্তৰালকৈ ডবকা পাহাৰৰ দাঁতিত থকা গাওঁকেইখনত আৰম্ভ হৈছে ভূমিস্খলন ৷ দুষ্ট চক্ৰই ব্যাপক হাৰত ডবকা পাহাৰৰ মাটি কটাৰ ফলত ভূমিস্খলনৰ হোৱাৰ অভিযোগ উঠিছে ৷ ডবকা বনবিভাগৰ জ্ঞাতাষাৰে দুষ্ট চক্ৰই মাটি কাটি লৈ যোৱাৰ অভিযোগ ৷