/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c0f2ac4a-3a83-4b39-80fa-321007d0e2c1/oi.jpg)
ডিজিটেল সংবাদ,নগাঁও:- চৰকাৰী নিৰ্দেশনা,প্ৰদূষণ নিয়ন্ত্ৰন পৰিষদ,নগাঁও আৰু জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশ চূড়ান্ত ভাবে অমান্য কৰা হৈছে নগাঁৱত ৷ উত্তৰ-পূবৰ ভিতৰতে ফটকা আৰু আতচবাজীৰ বৃহৎ বজাৰ খন আছে নগাঁও চহৰত ৷
শিবকাশি , কলিকতা আদিত উৎপাদিত ফতকা আৰু আতচবাজীৰ বিশেষকৈ নগাঁৱৰ চাৰিজন বিষ্ফোৰক ৰাখিব পৰা অনুজ্ঞাপত্ৰ থকা ব্যবসায়ীয়ে ক্ৰয় কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰ খনত মেলি দিয়ে ৷ জুন জুলাই মাহতে নগাঁৱলৈ আনি এই চাৰিজন ব্যবসায়ীয়ে বিগত এমাহ ধৰি ফতকা আৰু আতচবাজী বিক্ৰী কৰি আছে ৷
বৰ বজাৰৰ ৰাম কানাই কুণ্ডু এণ্ড কো , নগাঁও থানা ৰোডৰ প্ৰবীণ এন্টাৰপ্ৰাইছ , মজজিদ ৰোডৰ দাস ব্ৰাডাচ আৰু হয়বৰগাঁৱৰ মা দূৰ্গা ষ্টোৰে অনুজ্ঞাপত্ৰ লৈ বৃহৎ বজাৰ খন চলাই আছে ৷ চৰকাৰী ভাবে উচ্চ প্ৰাবল্যৰ ফটকা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও কোটি কোটি টকাৰ ফটকা এই ব্যবসায়ী কেইজনে উত্তৰ পূৰ্বাঞ্চলৰ বজাৰত মেলি দিলে যদিও নগাঁও জিলা প্ৰশাসনে কোনো ধৰনৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ৷
এই ব্যবসায়ী চাৰিজনে অনুজ্ঞাপত্ৰ মতে সৰ্বমুঠ ২০ হাজাৰ কেজিৰ বিষ্ফোৰক আনিব পাৰে ৷ ইয়াৰ বিপৰিতে চোৰাঙকৈ অত্যাধিক পৰিমানৰ ফটকা আৰু আটচবাজী আনি ক’ত কেনেকৈ ৰাখি ব্যৱসায় কৰিছে তাক চকু দিয়াৰ ক্ষেত্ৰত কোনো পদক্ষেপ চৰকাৰী ভাবে লোৱা হোৱা নাই ৷
নগাঁও জিলা উপায়ুক্তই এই দিশটো চাবলৈ এজন অতিৰিক্ত উপয়ুক্তক দায়িত্ব ন্যস্ত কৰি থৈছে যদিও জনবহুল অঞ্চলত এমাহে কোটি কোটি টকাৰ ফটকা জমা কৰি বিক্ৰি কৰা হৈছে যদিও এই অতিৰিক্ত উপায়ুক্তজনে কোনে ব্যৱস্হা লোৱা দেখা পোৱা নাই ৷ জানিব পৰা এই চাৰিজন ব্যবসায়ীৰ চহৰখনত থকা ভড়ালত বহু কোটি টকাৰ ফটকা মজুত আছে ৷ যত অগ্নিনিৰ্বাপনৰ বাবে লব লগা সাবধানতাখিনিও নাই ৷
আনহাতে চহৰখনৰ হয়বৰগাঁও চাইনা মাৰ্কেটত থকা প্ৰায় ত্ৰিশখন পাইকাৰী ফটকাআৰু আতচবাজীৰ ব্যবসায়ীয়ে অনুজ্ঞাপত্ৰহীন ভাবে ব্যবসায় চলাই আছে ৷ বৰবজাৰ এলেকাটো প্ৰায় চল্লিশখন পাইকাৰী ফটকা আৰু আটচবাজীৰ অবৈধ প্ৰতিস্থান আছে ৷
এই প্ৰতিস্থান সমূহৰ কোনো বিষ্ফোৰক জমা আৰু ক্ৰয়-বিক্ৰয় কৰিব পৰা অনুজ্ঞাপত্ৰ নাই ৷ এই প্ৰতিস্থান সমূহৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে কোনো পদক্ষেপ লোৱা নাই ৷ বিগত এসপ্তাহ ধৰি এই সকল ব্যবসায়ীয়ে ফটকা বিক্ৰী কৰি আহিছে ৷ অভিযোগ মতে নগাঁও জিলা প্ৰশাসন , আৰক্ষী , পৌৰসভা কে ধৰি একাংশ ৰাজনৈতিক নেতাক সন্তুষ্ট কৰি এই সকল ব্যৱসায়ীয়ে নিৰ্বিবাদে ফটকা-আটচবাজীৰ বজাৰ খন চলাই যাবলৈ সক্ষম হৈছে ৷