চিৰাঙৰ কাজলগাঁৱত "সুৰক্ষিত মহিলা শান্তি সমাজ" শীৰ্ষক পৰামৰ্শ সভা...

জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত পৰামৰ্শ সভাখনি

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ কাজলগাঁৱত "সুৰক্ষিত মহিলা শান্তি সমাজ" শীৰ্ষক পৰামৰ্শ সভা...

ডিজিটেল সংবাদ, চিৰাং : আজি চিৰাং জিলা সদৰ কাজলগাঁৱত "সুৰক্ষিত মহিলা শান্তি সমাজ" শীৰ্ষক পৰামৰ্শ সভা অনুষ্ঠিত হয় । অসম ৰাজ্যিক মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত আৰু অসম ৰাজ্যিক মহিলা সবলীকৰণ কেন্দ্ৰৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত "মহিলা আৰু ছোৱালীৰ ওপৰত সংগঠিত হোৱা হিংসাৰ বিৰুদ্ধে ১৬ দিনীয়া অভিযান - ২০২২" শীৰ্ষক পৰামৰ্শ সভা অনুষ্ঠিত হয় ।

Advertisment

এই ১৬ দিনীয়া অভিযানত মহিলা আৰু ছোৱালীৰ ওপৰত হোৱা হিংসাৰ অন্ত পেলাই কিদৰে আমাৰ সমাজখনত সচাঁ অৰ্থত "সুৰক্ষিত মহিলা শান্তিৰ সমাজ" গঢ়ি তুলিব পাৰি তাৰ ওপৰত আমন্ত্ৰিত বক্তা সকলে ভবিষ্যত পৰিকল্পনা আৰু পৰামৰ্শ আগবঢ়ায়। সভাত চিৰাঙৰ উপ আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাই চলিত বৰ্ষত চিৰাং জিলাত মহিলা সকলৰ সৈতে সংঘটিত হোৱা অপৰাধ তথা হিংসা জনিত মুঠ ১৩৫ টা গোচৰ পঞ্জীয়ন কৰা হৈছে ।

তাৰে ভিতৰত হত্যাৰ গোচৰ ২ টা, ধৰ্ষনৰ গোচৰ ১৭ টা, অপহৰণ ৩৯ টা, শ্লীলতাহানি - ৩৫ , গৃহস্থ হিংসা - ৪০, যৌতুক জনিত আৰু অন্যান্য ১ টা । তাৰে ভিতৰত ৭০ শতাংশ গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে বুলি সদৰি কৰে । আজিৰ সভাত মহিলা সবলীকৰণ ওপৰত গুৰুত্বাৰোপ কৰি অসম ৰাজ্যিক গ্ৰামীণ স্বনিয়োজন মিচন, স্বেচ্ছাসেৱী সংগঠন দ্যা এন্ট আৰু ইণ্ডো-গ্লোবেল চছিয়েল ছাৰ্ভিচ, চিৰাং জিলা প্ৰেছ ক্লাৱৰ পৰা অহা আমন্ত্ৰিত বক্তা সকলে বক্তৃতা প্ৰদান কৰে ।

আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, ৰিংখাং মুছাহাৰী, উপ আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকা, জিলা মহিলা আৰু শিশু কল্যাণ বিষয়া সমেশ্বৰ মুছাহাৰী, অসম ৰাজ্যিক গ্ৰামীণ স্বনিয়োজন মিচনৰ জিলা সমন্বয়ক চন্দনা শৰ্মা সহ অন্যান্য বহু লোক উপস্থিত থাকে ।

আৰু পঢ়ক : বদৰুদ্দিন আজমলৰ মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা আমছুৰ...

assam chirang