চিৰাঙত অবৈধ ৰন্ধন গেছ চিলিণ্ডাৰ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান…

চিৰাঙত অবৈধ ৰন্ধন গেছ চিলিণ্ডাৰ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান…

author-image
asomiyapratidin
New Update
চিৰাঙত অবৈধ ৰন্ধন গেছ চিলিণ্ডাৰ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান…

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত হাশ্ৰাওবাৰী বজাৰত অবৈধ ভাবে ৰন্ধন গেছ চিলিণ্ডাৰৰ ব্যবসায়ী চক্ৰৰ বিৰুদ্ধে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান চলাই অবৈধভাৱে মজুত ৰখা ৩৫ টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ লগতে প্ৰধানমন্ত্ৰী উজলা আচঁনিৰ ৰন্ধন গেছৰ বহী সহ ১৮৫ টা বহী জব্দ কৰে ।

এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত হাশ্ৰাওবাৰী বজাৰৰ নুৰুল হক নামৰ এজন ব্যবসায়ীৰ দোকানৰ ভিতৰত অবৈধ ভাৱে মজুত কৰি ৰখা ৰন্ধন গেছ ভৰ্তি ১৯ টা চিলিণ্ডাৰ আৰু ১৬ টা খালী চিলিণ্ডাৰ জব্দ কৰাৰ লগতে ১৮৫ টা ৰন্ধন গেছৰ বহী জব্দ কৰে । লক্ষ্যনীয়ভাৱে লোকজনৰ দোকানৰ পৰা চৰকাৰী ভাৱে দৰিদ্ৰ গ্ৰাম্য মহিলা সকলক যোগান ধৰা প্ৰধানমন্ত্ৰী উজলা আচঁনিৰ ৰন্ধন গেছ যোগানৰ বহীকে আদি কৰি কাজলগাঁৱৰ এইচ পি ৰন্ধন গেছ যোগান ডিলাৰৰ আৰু বেংতলৰ ইণ্ডেন ৰন্ধন গেছ যোগানৰ বহী উদ্ধাৰ কৰা হয় ।

ধৃত লোকজনে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈয়ে এনেদৰে বিপদজনক তথা অবৈধ ভাৱে ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত ৰাখি দীৰ্ঘদিনৰ পৰা ব্যবসায় চলাই আছিল । উল্লেখ্য যে নুৰুল হকৰ দোকানৰ পৰা অভিযানকাৰী দলে উজলা আঁচনিৰ নতুন সংযোগৰ বিভিন্ন নথিপত্ৰ আৰু কিছু সামগ্ৰীয়ো উদ্ধাৰ কৰে ।

assamgovt hbs chirang assam govt food and suplly department dhaligaon police