চৰাইদেউৰ নিমনাগড়ত বিনামূলীয়াকৈ বীজ, সাৰ বিতৰণ…

চৰাইদেউৰ নিমনাগড়ত বিনামূলীয়াকৈ বীজ, সাৰ বিতৰণ…

author-image
asomiyapratidin
New Update
চৰাইদেউৰ নিমনাগড়ত বিনামূলীয়াকৈ বীজ, সাৰ বিতৰণ…

ডিজিটেল সংবাদ চৰাইদেউঃ দেওবাৰে চৰাইদেউ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নিমনাগড় কৃষি উন্নয়ন চক্ৰ অধীনস্থ চহা কৃষিজীৱী পৰিয়ালৰ মাজত মাটিমাহ,মগুমাহ,বাদাম আৰু তিলৰ বীজ লগতে কেঁচু সাৰ বিতৰণ কৰা হয় ৷ কৃষি উন্নয়ন চক্ৰটোৰ অধীনস্থ নিমনাগড় গাঁও পঞ্চায়ত এলেকাৰ গাঁৱৰ লগতে চৰাইদেউ পঞ্চায়ত কৃষকসকলৰ মাজত আজি অনুষ্ঠানিক ভাবে এই উন্নতজাতৰ ধানৰ বীজ বিনামূলীয়াকৈ বিতৰণ কৰে। সহকাৰী কৃষি পৰিদৰ্শক দিগন্ত চেতিয়াই জনোৱা অনুসৰি মুঠ ২৮০ গৰাকী হিতাধিকাৰীক বিনামূলীয়াকৈ বীজ আৰু সাৰ বিতৰণ কৰা হয় ৷