নলবাৰীত মটৰ শ্ৰমিক সংগঠনৰ উদ্যোগঃ শ্ৰমিকৰ মাজত মাস্ক-চাবোন বিতৰণ…

নলবাৰীত মটৰ শ্ৰমিক সংগঠনৰ উদ্যোগঃ শ্ৰমিকৰ মাজত মাস্ক-চাবোন বিতৰণ…

author-image
asomiyapratidin
New Update
নলবাৰীত মটৰ শ্ৰমিক সংগঠনৰ উদ্যোগঃ শ্ৰমিকৰ মাজত মাস্ক-চাবোন বিতৰণ…

ডিজিটেল সংবাদ, নলবাৰীঃ মহামাৰী কোৰোনাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি আৰু কোৰোনা সংক্ৰমণৰ পৰা ৰক্ষা পৰাৰ বাবে বৃহস্পতিবাৰে নলবাৰীত তিনিটা মটৰ শ্ৰমিক সংগঠনে বিশেষ উদ্যোগ গ্ৰহণ কৰে। সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক সন্থাৰ নলবাৰী জিলাৰ সমিতিৰ সভাপতি সীমান্ত দাস,কাৰ্যকৰী সভাপতি শৈলেন গোস্বামী, নলবাৰী জিলা মটৰ শ্ৰমিক ইউনিয়নৰ সভাপতি নুৰ হুছেইন আৰু অল ইণ্ডিয়া ৰোড ট্ৰেন্সপ'ৰ্ট ৱাৰ্কাৰছ ফেডাৰেছনৰ অসম ৰাজ্যিক সম্পাদক বীৰেন শৰ্মাৰ নেতৃত্বত বিষয়ববীয়াসকলে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নলবাৰী বৰকুৰাত চ'কত ৰৈ পথেৰে অহা যোৱা কৰা বাছ আৰু হ্ৰস্ব দূৰত্বৰ টেম্প', ই-ৰিক্সা আদিৰ চালক,পৰিচালক আৰু হেণ্ডিমেনক মাস্ক আৰু চাবোন প্ৰদান কৰে।

Advertisment

বৃহস্পতিবাৰে ২৫০ গৰাকী শ্ৰমিকৰ মাজত এই সামগ্ৰী বিতৰণ কৰা হয়। তেওঁলোকে অহা দুদিনৰ ভিতৰত মুঠ এহেজাৰ শ্ৰমিকৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰিব। সংগঠনকেইটাই প্ৰতিগৰাকী ব্যক্তিকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আৰু সঘনাই হাত ধুই বীজাণুমুক্ত হ'বলৈ আহ্বান জনায়।।