স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মোৰাঝাৰত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ…

স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মোৰাঝাৰত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ…

author-image
asomiyapratidin
New Update
স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মোৰাঝাৰত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ…

ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ মাটিখোলা গাঁৱত আজি স্বেচ্ছাসেৱী সংগঠন ইব্ৰাহিম আলী মেমোৰিয়েল ফাউণ্ডেছন এণ্ড চছিয়েল ওৱেলফেয়াৰ চোছাইটীৰ উদ্যোগত গৰীব দূখীয়া পৰিয়ালৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । স্বেচ্ছাসেৱী সংগঠণটোৱে কৰণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আৰু চলিত ৰমজান মাহৰ ফালে চাই সমাজৰ দৰিদ্ৰ পৰিয়ালক সকাহ দিবলৈ এই উদ্যোগ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।

Advertisment

সংগঠনটোৱে। নিজা ববীয়াকৈ মাটিখোলা গাঁৱত আজি ৰাতিপুৱা বিভিন্ন গাঁৱৰ পৰা অহা ২০০ জনক গাইপ্ৰতি এটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা যোগান ধৰে । টোপোলাত প্ৰয়োজনীয় চাউল, দাইল, চেনি,নিমখ, মিঠা তেল ,চানা-মটৰ আৰু মছলা আদি কৰি প্ৰায় বাৰশ‌ টকা মূল্যৰ খাদ্য সামগ্ৰীৰ যোগান দিয়ে । উল্লেখযোগ্য যে, বিগত বৰ্ষত লকডাউনৰ সময়চোৱাত উক্ত স্বেচ্ছাসেৱী মানৱ দৰদী সংগঠনটোৱে বহু গৰীৱ দুখীয়া পৰিয়ালৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি সাহায্য আগবঢ়াইছিল ।

উদ্যোক্তা সকলে আগন্তুক দিনত দুখীয়া নিছলা পৰিয়াললৈ আৰু অধিক পৰিমাণৰ সাহায্য আগবঢ়াবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে । ইপিনে মোৰাঝাৰ গাওঁ পঞ্চায়তৰ সভাপতি হিফজুৰ ৰহমানে বিতৰণ অনুষ্ঠানত অংশ লৈ স্বেচ্ছাসেৱী সংগঠণটোৱে লোৱা পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে । ভৱিষ্যতে সংগঠনটোৱে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকক সাহায্য আগবঢ়াই সকাহ দিব বুলি আশা ব্যক্ত কৰে সভাপতি হিফজুৰ ৰহমানে।