/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/30f7f565-8dfe-4cc3-8171-3cd78aac7811/mankachar.jpg)
ডিজিটেল সংবাদ, মানকাচৰ : আজাদি কা অমৃত মহোৎসৱ উপলক্ষে দেশ তথা ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা প্ৰশাসনৰ উদ্যোগত এডিপ আঁচনিৰ জৰিয়তে এলিমকোৰ ফালৰ পৰা বিশেষভাৱে সক্ষম লোকক সা-সঁজুলি বিতৰণ কৰা হয়।
যোৱা ২০২১ চনৰ অক্টোবৰ মাহত এলিমকোৰ উদ্ধোগত জিলা খনৰ বিভিন্ন এলেকাত ৯ দিনীয়া শিবিৰৰ জৰিয়তে বিশেষভাৱে সক্ষম হিতাধিকাৰীৰ এখন তালিকা প্ৰস্তুত কৰা হৈছিল। জিলা খনত মুঠ ৮৫৬ গৰাকী হিতাধিকাৰীক ১৫৬২ টা বিভিন্ন সা-সঁজুলি বিতৰণ কৰা হয়।
এই সা-সঁজুলি বিতৰণ উপলক্ষে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত এখন সামাজিক অধিকাৰিতা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খান মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুম আৰু সমাজ কল্যান বিভাগৰ বিষয়া হিয়া মেধী উপস্থিত থাকি বিশেষ ভাবে অক্ষম লোক সকলক সা-সঁজুলি বিতৰণ কৰে।