/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e6f73437-8aaf-4480-8799-4d99148b3476/5.jpg)
ডিজিটেল সংবাদ শিলচৰঃ ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ অধীনত শনিবাৰে কাছাৰ জিলাৰ ৪৩ টা জিপিত কম্পিউটাৰ বিতৰণ কৰা হয় । জিলা পৰিষদৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত সাংসদ ডা: ৰাজদীপ ৰয়, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰাই, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত কুমাৰ লস্কৰ আৰু জিলা পৰিষদৰ সভাপতি অমিতাভ ৰায়ে পঞ্চায়ত সভাপতি আৰু সচিব সকলৰ হাতত এই কম্পিউটাৰ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b6efbf09-b1f4-4337-851a-e3ebb88aac23/WhatsApp_Image_2024_01_13_at_2_59_00_PM.jpeg)
এই আচঁনিৰ অধীনত জিলা খনৰ ১৫টা জিপিৰ ৪৩ টা জিপিত প্ৰদান কৰা হয় কম্পিউটাৰ। ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ অধীনত ৰাজ্যখনত ৫০০ কম্পিউটাৰৰ ভিতৰত কাছাৰ জিলাই সৰ্বাধিক ৪৩ টকা কম্পিউটাৰ লাভ কৰা বুলি সদৰী কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত কুমাৰ লস্কৰে। এই আচঁনিৰ অধীনত কাছাৰ জিলাত প্ৰতিটোত ২০ লাখ টকা ব্যয়েৰে ৪ টা গাওঁ পঞ্চায়ত ভৱন নিৰ্মাণ হোৱা বুলিও জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/0a92be65-11f2-4825-ac87-452b57602dd2/WhatsApp_Image_2024_01_13_at_3_00_46_PM.jpeg)
কম্পিউটাৰ বিতৰণ অনুষ্ঠানত দিয়া ভাষণত সাংসদ ৰাজদীপ ৰয়ে কয় যে বিজপি চৰকাৰৰ দিনত দেশৰ গ্ৰামাঞ্চলত অভুতপূৰ্ব উন্নয়ণ হৈছে । বিগত কিছু দিনৰ ভিতৰত কাছাৰত ১ লাখ ১১ হাজাৰটা পৰিয়ালক প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰ প্ৰদান কৰাৰ বিপৰীতে ২ লক্ষাধিক মহিলাক উজ্বলা আচনিৰ অধীনত বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰদান কৰা হৈছে।
Also Read: কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সফলতাঃ আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰ উৎখাত