/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ranoj.jpg)
ডিজিটেল ডেস্ক: ৰাজ্যৰ একাংশ মহাবিদ্যালয়লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আগবঢ়াইছে এক অদ্ভূত উপহাৰ। শিক্ষানুষ্ঠান সমূহলৈ আপুনি যদি ভাৱিছে কম্পিউটাৰ, আন শিক্ষণ সামগ্ৰী বা খেলা-ধূলাৰ সামগ্ৰী আগবঢ়াইছে তেনেহ'লে সেয়া ভুল ভাৱিছে।
প্ৰথম পৰ্যায়ত ১৮১ খন মহাবিদ্যালয়লৈ ৰাজ্য চৰকাৰে চি এছ আৰ ফাণ্ডৰ অধীনত আগবঢ়াইছে একোখনকৈ বাইক। কি উদ্দেশ্যে চৰকাৰে এই সিদ্ধান্ত লৈ মহাবিদ্যালয় সমূহক এই অদ্ভূত উপহাৰ যাচিছে তাক লৈহে এতিয়া চিন্তা চৰ্চা চলিছে।
বৰপেটাৰ এম চি কলেজ, বিএইচ কলেজ, নৱজ্যোতি কলেজ, বাপুজী কলেজ, বৰনগৰ কলেজকে ধৰি ১১ খন কলেজলৈ বাইক সমূহ যোগান ধৰিছি দিশান মটৰচ নলবাৰীয়ে। একেদৰে বিশ্বনাথৰ ৪ খন কলেজলৈ বাইক যোগান ধৰিছে তেজপুৰৰ ভি কিং মটৰচে।
বঙাইগাঁও ৪ খন কলেজত প্ৰো মটৰ বঙাইগাঁওয়ে, কাছাৰৰ ১০ খন কলেজক টিপকো এন্টাৰ প্ৰাইজ প্ৰাইভেট লিমিটেল গুৱাহাটীয়ে, চৰাইদেউৰ ২ খন কলেজক ভূঞা অটোমোবাইল শিৱসাগৰে, দৰঙৰ ৩ খন কলেজক শ্ৰী সাই মটৰত মঙলদৈ, ধেমাজিৰ ৭ খন কলেজক তেজপুৰৰ ভি কিং মটৰচে, ধুবুৰীৰ ৭ খন কলেজক ক্ৰমে দিশান মটৰচ নলবাৰী, শ্ৰী সাই মটৰচ মঙলদৈয়ে যোগান ধৰিছে।
কামৰূপ মহানগৰৰ আৰু গ্ৰাম্যৰ প্ৰায় ২২ খন কলেজক বি আৰ ব্ৰিজি মোহন এন চনচ প্ৰাইভেচ লিমিটেড আৰু দিশান মটৰচ নলবাৰীয়ে বাইক সমূহ যোগান ধৰি ইতিমধ্যে সেই সমূহ কলেজ কৰ্তৃপক্ষক গতাই দিয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/4-724x1024.jpg)
যি সময়ত চৰকাৰৰ চৰকাৰী শিক্ষানুষ্ঠানৰ বাবে দান বৰঙণি বিচাৰিব লগা অৱস্থা হৈছে সেই সময়ত প্ৰথম পৰ্যায়ত ১৮১ খন .কলেজৰ লগতে উচ্চ শিক্ষা সঞ্চালকলায়লৈও ৫ খন বাইক যোগান ধৰা হৈছে। এই বাইক সমূহৰ নামত কোটি টকা ব্যয় কৰি এই আঁচনিৰ জৰিয়তে চৰকাৰে কিহৰ বাবে বাইক যোগান ধৰিছে সেয়াও এতিয়া সাধাৰণ লোকৰ মনত এক ডাঙৰ প্ৰশ্ন হৈ ৰৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/3-724x1024.jpg)
একাংশ চৰকাৰী শিক্ষকক দৰমহা দিব নোৱাৰা, বহু মহাবিদ্যালয়ৰ শিক্ষকে বিনা পৰিশ্ৰমিকে পাঠ দান কৰি থকা এক পুতৌ লগা পৰিৱেশৰ মাজতেই চৰকাৰৰ এনে আঁচনিয়ে সাধাৰণ লোকৰ চকু কপালত তুলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/2-724x1024.jpg)
চি এছ আৰ ধন মহাবিদ্যালয় সমূহলৈ দিয়াটো ভাল কথা। কিন্তু সেই ধনেৰে মহাবিদ্যালয়ৰ আন্ত গাঠনি উন্নতকৰণ, ক্লাছৰুম নিৰ্মাণ, কম্পিউটাৰ ক্ৰয় আদি বিভিন্ন কাম কৰাৰ থল আছিল। তাকে নকৰি একাংশ বাইক ডিলাৰক সন্তুষ্ট কৰি কাৰোবাৰ কমিছনৰ অংকত চি এছ আৰ ফাণ্ডৰ নামত এনেদৰে অনাবশ্যকীয় ভাৱে মহাবিদ্যালয় সমূহলৈ বাইক দিয়া হৈছে নেকি সেয়াও এক বিশ্বাৰ্য বিষয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/1-724x1024.jpg)
আৰু পঢ়ক: জেহাদিৰ ঘাটিলৈ ৰূপান্তৰ গোৱালপাৰাৰ পাখিওৰা চৰ, মাদ্ৰাছত শিক্ষক হিচাপে নিযুক্তি ২ জেহাদী…