দুই পলাতক দালালক বিচাৰি জিলাই জিলাই অভিযান দিছপুৰ আৰক্ষীৰ...

দিছপুৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান। দুই পলাতক অভিযুক্তক বিচাৰি জিলাই জিলাই অভিযান আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
দুই পলাতক দালালক বিচাৰি জিলাই জিলাই অভিযান দিছপুৰ আৰক্ষীৰ...

ডিজিটেল ডেস্ক : দিছপুৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান। দুই পলাতক অভিযুক্তক বিচাৰি জিলাই জিলাই অভিযান আৰক্ষীৰ। লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, নলবাৰীতো অভিযান আৰক্ষীৰ।

Advertisment

আৰক্ষীয়ে সন্ধান পোৱা নাই ৰফিকুল আৰু আজিজুৰৰ। দিছপুৰ আৰক্ষীৰ জেৰাত মুখ খুলিছে কুঁহিৰামে। জেৰাত স্বীকাৰ কৰিছে ধন লোৱাৰ কথা। ২০ জনৰ পৰা ধন সংগ্রহ কৰিছিল কুঁহিৰামে।

প্রতিজনৰ পৰা সংগ্রহ কৰিছিল ৫০ হাজাৰ টকাকৈ। পূৰ্বেও বহু লোকক ধনৰ বিনিময়ত চাকৰি দিছিল কুঁহিৰামে। তেনে বহুলোকে এতিয়াও চাকৰি কৰি আছে। কুঁহিৰামৰ আছে ৩৯ লাখ টকাৰ বেংক ঋণ। প্রতিমাহে ৭৪ হাজাৰ টকাকৈ ই.এম.আই দিয়ে কুঁহিৰামে।

আনহাতে, ভাড়াঘৰৰ পৰা উপাৰ্জন মাহে ৯০ হাজাৰ টকা। বহুদিন ধৰি এই ব্যৱসায় চলাই আহিছে কুঁহিৰামে। ইফালে ঘৰ, মাটি-বাৰী বিক্রী কৰি পলাতক হৈ আছে ৰফিকুল। শহুৰৰ ঘৰত আশ্রয় লোৱা ৰফিকুলক বিচাৰি আৰক্ষীৰ অভিযান।

dispur police assam guwahati