চিকিৎসা ক্ষেত্ৰত আসন সংৰক্ষণ, ডিজিটেল ষ্টাম্পিঙৰ সম্প্ৰসাৰণৰে কেবিনেটৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

চিকিৎসা ক্ষেত্ৰত আসন সংৰক্ষণ, ডিজিটেল ষ্টাম্পিঙৰ সম্প্ৰসাৰণৰে কেবিনেটৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা দিছপুৰত কেবিনেটত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰিছে । আজিৰ কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ হৈছে বিটিআৰৰ অধীনৰ জিলাসমূহত আই চি ডি এছ প্রকল্পৰে এতিয়াৰে পৰা সীমা নিৰ্ধাৰণ কৰা হ’ব । স্বায়ত্তশাসিত পৰিষদক কাৰিকৰী কাম সম্পূৰ্ণ কৰাৰ বাবে ক্ষমতা প্রদান কৰা হৈছে । এতিয়াৰে পৰা প্ৰাক্তন কাৰ্যবাহী অভিযন্তাসকলক আঁচনি সমূহৰ সঠিক ৰূপায়নৰ বাবে পৰিষদে নিযুক্তি দিব পাৰিব ।

লগতে সংশোধন কৰা হৈছে এম বি বি এছ, বি ডি এছ পাঠ্যক্ৰমৰ নিয়মাৱলীৰ । চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ অসমৰ ক্ষেত্রত এন আৰ আইৰ শিতানত সংৰক্ষণ ব্যৱস্থাৰ সিদ্ধান্ত গ্ৰহণ । লগতে ১০ শতাংশ আসন সংৰক্ষিত থাকিব । তদুপৰি অসম তথা দেশৰ বাহিৰত থকা সকলেও এই সুবিধা ল’ব পাৰিব । ইয়াৰ উপৰি বহু কেইটা জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণৰ সুবিধা প্ৰদান ।

মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে ৫ খন, টাই আহোমৰ বাবে ৭খন, চুতীয়াৰ বাবে ৬ খন, কোঁচ ৰাজবংশীৰ বাবে ১০খনলৈ এমবিবিএথৰ আসন বৃদ্ধিৰ সিদ্ধান্ত আজিৰ কেবিনেটত । বিডিএছ শিতানত সকলোৰে বাবে একোখনকৈ আসন সংৰক্ষিত থাকিব । তদুপৰি ৰাজ্যৰ ছয়খনকৈ চিকিৎসা মহাবিদ্যালয়ত আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ ১০% সংৰক্ষণৰ ব্যৱস্থাৰ সিদ্ধান্ত ।

নন-জুডিচিয়েল ফিজিকেল ষ্টাম্প প্ৰচলনৰ বাতিলেৰে ডিজিটেল ষ্টাম্পিঙৰ সম্প্ৰসাৰণ । ১ জুলাই ২০২৩ৰ পৰা কাৰ্যকৰী হোৱাকৈ কোষাগাৰৰৰ পৰা নন-জুডিচিয়েল ষ্টাম্পৰ বিক্ৰীৰ বন্ধ কৰা হ'ব । ৩০ জুন ২০২৩ৰ পূৰ্বে ক্ৰয় কৰা ষ্টাম্পসমূহ ৩০ ছেপ্টেম্বৰলৈকে গ্ৰহণ কৰা হ'ব । অনুজ্ঞাপত্র থকা লোকসকলে ডিজিটেল ব্যৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰিব । ষ্টাম্প পেপাৰৰ ব্যৱসায়ীসকলক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ১লাখ টকাকৈ ।

তদুপৰি ২১ জুনত ৰাজ্যজুৰি আয়োজন কৰা হ’ব যোগ দিৱস । ধুবুৰী জিলাত ৰাজ্য চৰকাৰে কেন্দ্রীয়ভাৱে আয়োজন কৰিব এই দিৱস । এই কাৰ্যসূচীত অংশগ্রহণ কৰিব মুখ্যমন্ত্রীয়ে । প্রতিখন জিলাতে অনুষ্ঠিত হ’ব যোগ দিৱসৰ কাৰ্যসূচী ।

চিকিৎসা ক্ষেত্ৰত আসন সংৰক্ষণ, ডিজিটেল ষ্টাম্পিঙৰ সম্প্ৰসাৰণৰে কেবিনেটৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত
সাৱধান! নিয়ম উলংঘা কৰি যান-বাহন চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in