বিভিন্ন জনজাতিৰ ভাষিক সমস্যাৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ “মত-বিনিময়” অনুষ্ঠান…

বিভিন্ন জনজাতিৰ ভাষিক সমস্যাৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ “মত-বিনিময়” অনুষ্ঠান…

author-image
asomiyapratidin
New Update
বিভিন্ন জনজাতিৰ ভাষিক সমস্যাৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ “মত-বিনিময়” অনুষ্ঠান…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা সভাগৃহত অসম সাহিত্য সভাৰ উদ্যোগত অসমৰ জনজাতীয় সাহিত্য সভাৰ বিষয় ববীয়া সমূহৰ লগত আন্তৰিক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ হৈ উপস্থিত থাকে সভাপতি কুশধৰ শইকীয়া, সম্পাদক যাদৱ শৰ্মা, উপ সভাপতি মালিনী শৰ্মাকে ধৰি অসম সাহিত্য সভাৰ বহুকেইজন কাৰ্যনিৰ্বাহক বিষয়া।

Advertisment

অসম সাহিত্য সভাৰ গীত চিৰ চেনেহী মোৰ ভাষা জননী গীতটিৰ পৰিৱেশনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত অসম সাহিত্য সভাৰ প্ৰধান সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই আটাইকে আনুষ্ঠানিকভাৱে আদৰণি জনায় আৰু ইয়াৰ পিছতে সভাপতি ড০ কুলধৰ শইকীয়াই প্ৰাৰম্ভিক ভাষণতে অসমৰ সকলো জনজাতীয় সাহিত্য সভাৰ সৈতে পাৰস্পৰিক সহযোগিতাৰে একেলগে ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ কামত আগৱাঢ়ি যাবলৈ অসম সাহিত্য একান্ত আগ্ৰহী বুলি মন্তব্য কৰে।
অনুষ্ঠানত কাৰ্বি, মিছিং, গাৰো সাহিত্য সভা তিৱা সাহিত্যসভাকে ধৰি অন্যান্য ভাষিক সাহিত্য সভাৰ বিষয়ববীয়া সকলে নিজৰ ভাষা সংস্কৃতি ৰক্ষা, উত্তৰণ, প্ৰাথমিক পৰ্যায়ৰ পৰা জনজাতীয় ভাষা শিকন, ভাষিক শিক্ষকৰ অৱস্থা আদি বহু কেইটা বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা আগৱঢ়ায়।

ইয়াৰ ভিতৰত উল্লেখযোগ্য বিষয় সমূহ হৈছে অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি পৰিপূৰ্ণৰূপত গঢ়ি তুলিবলৈ আৰু নতুন শিক্ষা নীতি তথা চৰকাৰী ভাষা আইৱ নিখুঁত নিয়াৰীকৈ প্ৰয়োগৰ বাবে ৰাজ্য চৰকাৰক হেঁচা প্ৰয়োগ কৰা, ৰাজ্যখনৰ স্থানীয়, খিলঞ্জীয়া নিৱনুৱাক ১০০ শতাংশ নিয়োগৰ বাবে সুস্থিৰ আৰু ফলপ্ৰসু নিয়োগ নীতি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত পৰম্পৰাগত জ্ঞানৰ সমলসমূহ সংৰক্ষণৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা হাতত লোৱা উচিত বুলি আটাইয়ে মন্তব্য কৰে।

অন্তৰংগ মত বিনিময়ত বিভিন্ন জনজাতীয় ভাষাত প্ৰকাশ হোৱা সাহিত্য-সংস্কৃতি বিষয়ক গ্ৰন্থ সমূহৰ সংৰক্ষণৰ বাবে গুৱাহাটীত এটি কেন্দ্ৰীয় পুথিভঁৰাল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক দাবী জনোৱাৰ বিষয়েও সভাত আলোচনা হয়। সভাপতি কুলধৰ শইকীয়াই অসমীয়া আৰু বিভিন্ন খিলঞ্জীয়া ভাষাৰ উৎকৃষ্ট গ্ৰন্থসমূহৰ অনুবাদৰ জৰিয়তে প্ৰকৃতাৰ্থত সংস্কৃতি বিনিময় সম্ভৱ বুলি মন্তব্য কৰি তেওঁ সকলো জনজাতীয় সাহিত্য সভাক তেনে পদক্ষেপ গ্ৰহণৰ বাবে আশা প্ৰকাশ কৰিছে।

অনুষ্ঠানত আলোচিত আন দুটা গুৰুত্বপূৰ্ণ বিষয় হ'ল বিভিন্ন ভাষাত প্ৰকাশিত গ্ৰন্থসমূহৰ ডিজিটাইজেনশ্যন প্ৰক্ৰিয়াৰ জৰিয়তে বিজ্ঞানসন্মত সংৰক্ষণ আৰু বহুভাষিক অভিধান প্ৰকাশ। উল্লেখ্য যে অসম সাহিত্য সভাই সমগ্ৰ ৰাজ্যখনতে অলপতে সকলো জনগোষ্ঠীকে সামৰি সম্প্ৰীতি নামৰ এলানি সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰিব বুলিও সভাপতি গৰাকীয়ে মন্তব্য কৰে।

আনহাতে এই মত বিনিময় অনুষ্ঠানত বড়ো, তিৱা, কাৰ্বি, ডিমাছা, গাৰো, মিছিং আৰু খিলঞ্জীয়া সাহিত্য সভাৰ লগতে ইটচাৰ বিষয়ববীয়া সকল উপস্থিত থাকে। তেওঁ লোক আটাইয়ে অসম সাহিত্য সভাৰ এই পদক্ষেপৰ শলাগ লয়।