/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ashok-singhal.jpg)
ডিজিটেল সংবাদ ,ধুবুৰীঃ 'মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰে প্ৰথমৰে পৰা প্ৰশাসনিক সংস্কাৰৰ যি বিপ্লৱ আৰম্ভ কৰিছিল তাৰ ফল আপোনালোকে পাবলৈ লৈছে৷ চৰকাৰ আৰু বানাক্ৰান্তৰ মাজত কোনোধৰণৰ ব্যৱধান নোহোৱাকৈ সাহাৰ্য দিয়া হৈছে৷ ইমান ক্ষীপ্ৰতাৰে আৰু নিকাকৈ বানাক্ৰান্তক চৰকাৰী অনুদান দিয়াৰ ঘটনা অসমৰ ইতিহাসত এয়ে প্ৰথম৷' আজি ধুবুৰী জিলা পুথিভড়াল প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ধুবুৰী জিলাৰ বাবে অৰুণোদয় মাহৰ শুভাৰম্ভ কৰি আৰু ২০২২ বৰ্ষৰ বানত বাসগৃহ ধ্বংস বা ক্ষতিগ্ৰস্থ হোৱা পৰিয়ালৰ মাজত প্ৰতিৰূপ চেক বিতৰণ কৰি অসম চৰকাৰৰ জলসিঞ্চন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে এইদৰে কয় ।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী সিংঘালে লগতে কয় যে, অৰুনোদয় আঁচনিৰ বাবে যোগ্য এগৰাকীও দুখীয়া মহিলা যাতে বাদ নপৰে আৰু এগৰাকীও ধনী হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা যাতে পাব নোৱাৰে তাক নিশ্চিত কৰাৰ বাবেই অৰুনোদয় মাহত সমীক্ষা কৰা হ'ব৷ ধুবুৰী জিলাত ২২১ টা ভেৰিফিকেছন দলত মুঠ ৪৫৯ গৰাকী সদস্যই অৰুনোদয় আঁচনিৰ হিতাধিকাৰীৰ সমীক্ষা চলাব৷ ১৪২ গৰাকী ছুুুপাৰভাইজৰ থাকিব৷
উল্লেখ্য যে অৰুণোদয় আঁচনিখনৰ কাৰ্যকৰীকৰণ আৰু প্ৰভাৱ নিৰ্ধাৰণ কৰাৰ লগতে অসমৰ আৰ্থিকভাৱে পিছপৰা মহিলাসকল যাতে লাভান্বিত হয় সেই উদ্দেশ্যে অৰুণোদয় মাহৰ আৰম্ভণি কৰা হৈছে৷ পৰিদৰ্শনকাৰী দলে অৰুণোদয় হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ সমীক্ষাৰ যোগে তথ্য সংগ্ৰহ কৰি ম'বাইল এপ্লিকেশ্যনত লিপিবদ্ধ কৰিব৷ স্বচ্ছ আৰু নিকাভাৱে সকলো হিতাধিকাৰীৰ নাম, ঠিকনা আৰু আনুসাংগিক তথ্য অন্তৰ্ভুক্ত কৰা হ'ব৷
আনহাতে ২০২২ বৰ্ষৰ বানত ক্ষতিগ্ৰস্থ পৰিয়ালসমূহক পুনৰসংস্থাপন অনুদান হিচাপে তেওঁলোকৰ বেংক একাউন্টত পোনপতীয়াকৈ ধন আদায় দিয়াৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে । ধুবুৰী জিলাত মুঠ ১০৩৩ টা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে বা আংশিকভাৱে নষ্ট হৈছে । তেওঁলোকৰ অধিকাংশই নিজৰ বেংক একাউন্টত ইতিমধ্যে চৰকাৰী অনুদান পাইছে৷ একাউন্ট নম্বৰ ভুল হৈ থকাসকলেও শুধৰণিৰ পিছতে অনুদান পাব । চৰকাৰী অনুদানৰ বাবে তালিকাভুক্ত পৰিয়ালসমূহৰ মাজৰ পাঁচটা পৰিয়ালৰ মুৰব্বীক আজিৰ অনুষ্ঠানত প্ৰতিৰূপ চেক বিতৰণ কৰে মন্ত্ৰী সিংঘালে ।
ধুবুৰীৰ উপায়ুক্ত অন্বমুথান এম পিয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত অসম চৰকাৰৰ প্ৰধান সচিব তথা ধুবুৰী জিলাৰ অভিভাৱক সচিব ডাঃ জে বি এক্কা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে । অনুষ্ঠানত ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সান্যাল, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংঘী, অশ্বিনী ৰায় সৰকাৰ প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি, অৰুনোদয় আঁচনিৰ সমীক্ষাকাৰী দলৰ সদস্যসকল, অনুদান লাভ কৰা কেবাটাও বানাক্ৰান্ত পৰিয়ালৰ সদস্য উপস্থিত থাকে ।