আয়কৰ বিভাগৰ সহকাৰী আয়ুক্ত মিনাক্ষী কাকতি কলিতাৰ বাসগৃহত অভিযানঃ জব্দ ৬৫ লক্ষাধিক নগদ ধন

প্ৰায় প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাত দাঙিছে এনে একাংশ দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰীয়ে

author-image
Asomiya Pratidin
New Update
আয়কৰ বিভাগৰ সহকাৰী আয়ুক্ত মিনাক্ষী কাকতি কলিতাৰ বাসগৃহত অভিযানঃ জব্দ  ৬৫ লক্ষাধিক নগদ ধন

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি মুক্ত অসমৰ কথা ক'লেও একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়াত হে মনোনিৱেশ কৰিছে। প্ৰায় প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাত দাঙিছে এনে একাংশ দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰীয়ে।

Advertisment

তাৰ মাজতেই দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ৰাজ্যৰ এগৰাকী শীৰ্ষ বিষয়াৰ ঘৰত অভিযান চলাই জব্দ কৰা নগদ ধনৰ পৰিমাণে চকু কপালত তুলিছে সচেতন মহলৰ। ৰাজ্যিক আয়কৰ বিভাগৰ সহকাৰী আয়ুক্ত মীনাক্ষী কাকতি কলিতাৰ বাসগৃহত আজি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই অভিযান চলাই জব্দ কৰিছে মুঠ ৬৫ লাখ ৩৭ হাজাৰ ৫০০ টকা।

উল্লেখ্য যে, এইগৰাকী দুৰ্নীতিপৰায়ণ বিষয়াক ৪ হাজাৰ টকা উৎকোচ লোৱাৰ অৱস্থাতেই হাটে-লোটে গ্রেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে। এই সন্দৰ্ভত টুইটাৰত দুৰ্নীতি নিবাৰক আৰু তদন্তকাৰী শাখাৰ ফালৰ পৰা উল্লেখ কৰা অনুসৰি সমগ্ৰ ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যহত আছে।

Also Read: ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ মুখ্যপ্ৰৱন্ধক বৈকুণ্ঠ ফুকনক বিদায় সম্বৰ্ধনা

crime Directorate of Vigilance & Anti-Corruption