সৌন্দৰ্য্য প্ৰতিযোগিতাত পুনৰবাৰ জিলিকিল জোনাই সমষ্টিৰ যুৱতী দিপ্তীপ্ৰিয়া

আকৌ দ্বিতীয় বাৰৰবাবে মিছ লখিমপুৰ ২০২৩ খিতাপ অৰ্জন কৰিলে সম্ভাৱনাময় যুৱতী দিপ্তী প্ৰিয়া বৰিয়ে।

author-image
Asomiya Pratidin
New Update
সৌন্দৰ্য্য প্ৰতিযোগিতাত পুনৰবাৰ জিলিকিল জোনাই সমষ্টিৰ যুৱতী দিপ্তীপ্ৰিয়া

ডিজিটেল সংবাদ, চিলাপথাৰঃ আকৌ দ্বিতীয় বাৰৰবাবে মিছ লখিমপুৰ ২০২৩ খিতাপ অৰ্জন কৰিলে সম্ভাৱনাময় যুৱতী দিপ্তী প্ৰিয়া বৰিয়ে। জোনাই সমষ্টিৰ পিছপৰা বৈকুণ্ঠপুৰ অঞ্চলৰ নিবাসী জগদীশ বৰি আৰু কবিতা কুটুম বৰিৰ কণ্যা দীপ্তিপ্ৰিয়া বৰিয়ে অলপতে লক্ষীমপুৰ সংগীত বিদ্যালয়ত অনুষ্ঠিত সৌন্দৰ্য্য প্ৰতিযোগিতাত মিছ লখিমপুৰ ২০২৩ খিতাপ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়ালে।

Advertisment

বিগত সময়তো তেওঁ লাভ কৰিছিল এই খিতাপ। ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰী দিপ্তীয়ে এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। অধ্যয়নৰ সমান্তৰালকৈ গীত-নৃত্য আৰু সৌন্দৰ্য্য চৰ্চা চলাই অহা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী প্ৰতিভাৱান ছাত্ৰী গৰাকীৰ ভৱিষ্যতে এগৰাকী ভাল মডেল হোৱাৰ লক্ষ্য।

কেৱল সৌন্দৰ্য্য চৰ্চাই নহয়। গীত আৰু নৃত্যটো দীপ্তিয়ে প্ৰদৰ্শন কৰিছে নিজা প্ৰতিভা। ইতিপূৰ্বে কেইবাটাও গীত আৰু নৃত্যৰ এলবাম উপহাৰ দি ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে।

চলিত বৰ্ষৰ ডিচেম্বৰ মাহত লক্ষীমপুৰৰ হৈ মিছ আসাম ২০২৩ প্ৰতিযোগিতাত অংশ ল'ব দিপ্তীয়ে। তেওঁ সফলতাই আনন্দিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক।

Also Read: হানি-খুঁচি হত্যা এজন গৃহৰক্ষী জোৱানক...