/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/0vn6ovcu/46447025411974590784077731701784792583366873n.jpg)
ডিজিটেল সংবাদ, চামগুৰি : কংগ্ৰেছ দলটো বংশবাদৰ ওপৰত চলে। সেই কাৰণে ভূপেন বৰাই যিমানেই লম্ফ-জম্ফ নকৰক কিয় কংগ্ৰেছত ভূপেন বৰাৰ একো নচলে।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।
উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াত ভাগ ল’বলৈ শুকুৰবাৰে চামগুৰিত উপস্থিত হৈ সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছক চোকা সমালোচনা কৰাৰ লগতে সাংসদ গৌৰৱ গগৈৰ কংগ্ৰেছ দলত প্ৰভাৱৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ দলটো বংশবাদৰ ওপৰত চলে। সেই কাৰণে ভূপেন বৰাই যিমানেই লম্ফ-জম্ফ কৰি নাথাকক কিয় তাত ভূপেন বৰাৰ একো নচলে।
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কংগ্ৰেছৰ গোটেই দলটো গান্ধী পৰিয়ালৰ ওপৰত চলে। প্ৰতিখন ৰাজ্যত তেওঁলোকৰ দলটো বংশবাদত চলে। বংশবাদত চলা দলটোত গৌৰৱ গগৈৰ সেইখিনি প্ৰাধান্য থাকিবই। ইয়াক আৰু নোহোৱা কৰিব নোৱাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/wf5usemq/46440517111974591850744295106407334537331484n.jpg)
ভূপেন বৰাৰ দৰে সাধাৰণ পৰিয়ালৰ পৰা অহা এজন লোকে কেতিয়াও সেই ধৰণৰ ব্যৱস্থাটোলৈ যাব নোৱাৰে। গতিকে গৌৰৱ গগৈয়ে যি বিচাৰিব সেয়াই হৈ থাকিব। ভাৰতবৰ্ষ আৰু অসমৰ ৰাইজে এই বংশবাদৰ বিৰুদ্ধে সদায় কংগ্ৰেছক নসাৎ কৰি আহিছে আৰু নসাৎ কৰি গৈ থাকিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
মন্ত্ৰীগৰাকীয়ে সাংসদ ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলক সমালোচনা কৰি কয় যে বদৰুদ্দিন আজমলৰ লগত ৰকিবুল হুছেইনৰ কিমান ভাল সম্পৰ্ক, সেইটো মই ভালকৈয়ে জানো। এই সম্পৰ্ক, আজিৰ নহয় অতীতৰে পৰা সম্পৰ্ক। বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনে সদায় একেলগে কাম কৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/2c0balgx/46449011311974592717410873689991034838520600n.jpg)
তেওঁ কয় যে এআইইউডিএফ দলটো হ’ল কংগ্ৰেছৰ ঔৰষত জন্ম হোৱা দল। গতিকে এই দলটো কংগ্ৰেছৰ লগতে থাকিব। গতিকে কোনোবাই যদি ভাবিছিল যে এই দলটো কংগ্ৰেছৰ লগত আৰু নাথাকিব বুলি, সেইটো ভুল ধাৰণা আছিল। এইবাৰ সেয়া প্ৰকাশ্যে তেওঁলোকে দেখুৱাই দিলে।
ৰকিবুল হুছেইনৰ লগত বদৰুদ্দিন আজমল সদায় থাকিব। আৰু সেইটোকে তেওঁলোকে ডাঙৰ সম্বল বুলি ভাবে। কিন্তু আমাৰ যিসকল মানুহে বিকাশ বিচাৰে, উন্নয়ন বিচাৰে তেওঁলোকে বুজি পায় যে তেওঁলোকৰ সেই সম্বলে এইবাৰ কাম নিদিব। চামগুৰিত এইবাৰ দিপ্লুৰঞ্জন শৰ্মা বিপুল ভোটত বিজয়ী হ’ব।
মন্ত্ৰীগৰাকীয়ে কয় যে চামগুৰিবাসী ৰাইজে প্ৰায় আঢ়ৈটা বছৰে এজন চৈৰাচাৰী শাসকৰ তলত আছিল। এতিয়া সকলোৱে এনেকুৱা চৈৰাচাৰী শাসকৰ তলৰ পৰা ওলাই অহাটো বিচাৰিছে, যাতে তেওঁলোক আৰু বাদশ্বাহৰ তললৈ যাব লগা নহয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/xpto5dpp/46468198511974591450744336613877368067373859n.jpg)
ৰাইজ এইবাৰ সাজাগ হৈছে। দিপ্লুৰঞ্জন শৰ্মাৰ দৰে সাধাৰণ মানুহৰ লগত থকা এজন নেতাক ৰাইজে এই সমষ্টিৰ পৰা নেতৃত্ব দিয়াৰ সুযোগ দিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিৰোধীয়ে গঠন কৰা অসম সন্মিলিত মৰ্চা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে কংগ্ৰেছ দলে আমাৰ বৰ অসমখনকে সাত ভনী বনাই দিছিল।
এওঁলোকে কেইটামান মানুহ লগ হৈ এখন অসম সন্মিলিত মৰ্চা গঠন কৰিছিল, সেইটো এতিয়া ভাঙি গ’ল, ভঙাটো স্বাভাৱিক। সেয়া যে ভাঙি যাব জন্মৰ দিনাখনেই তেওঁলোকে গম পাইছিল। কাৰণ তেওঁলোকে ইমান ডাঙৰ সুন্দৰ বৰ অসমখনকে সাত ভাগ কৰি দিছিল। আৰু সৰু যি সন্মিলিত অসম নামৰ দল গঠন কৰিছিল সেয়া ভঙাটো স্বাভাৱিক বুলি কয়।
ৰকিবুল হুছেইনক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰকিবুল হুছেইনে নিজৰ সন্তানক বাদশ্বাহক বনাবৰ কাৰণে সকলো ধৰণৰ কামেই কৰিব। যিমান তললৈ পাৰে নামিব। তেওঁ কয় যে ৰকিবুল হুছেইনে বিৰোধী পক্ষৰ মাজত নিজৰ মানুহ সুমুৱাই দি খেলিমেলি কৰে, কেতবোৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে। ৰকিবুল হুছেইনে কিমান তললৈ গৈ ৰাজনীতি কৰিব পাৰে ৰাইজে সেয়া বুজি পায় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
Also Read: বিহালীৰ ৰাজনীতিত 'অন্ত' যুগ : সমষ্টিটোৰ প্ৰাৰ্থী দিগন্ত-জয়ন্ত-অনন্ত-লক্ষীকান্ত