ডিফুত কেনেদৰে চলিছে ভোটদান, পঢ়ক এই খবৰ

ডিফুত কেনেদৰে চলিছে ভোটদান, পঢ়ক এই খবৰ

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ ৫ সমষ্টিত কোনে মাৰিব হাঁহিঃ কাৰ কি স্থিতি…

ডিজিটেল সংবাদ, ডিফুঃ ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত পাচঁটা বিধানসভা সমষ্টিত বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাইজ ভোটদান কৰিবলৈ ওলাই আহিছে। বুধবাৰে বৰষুণৰ বাবে ভোটদানৰ হাৰ কম হ'ব বুলি ভবা হৈছিল যদিও বৃহস্পতিবাৰে বতৰ ফৰকাল হোৱাৰ বাবে ৰাইজে পুৱা ৬ বজাৰ পৰাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। বৰ্তমানলৈকে দেখা পোৱা ভোটাৰৰ সহাৰি অনুসৰি ৭০% তকৈ অধিক ভোটদান ডিফুত হোৱাৰ সম্ভাৱনা দেখা গৈছে।

সমষ্টিটোৰ পৰা ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা কৰিছে যদিও মূল যুজঁখন বিজেপিৰ হৰেনছিং বে, কংগ্ৰেছৰ বীৰেনছিং ইংতি আৰু এ এছ ডি চিৰ হলিৰাম তেৰাঙৰ মাজতে সীমাবদ্ধ থাকিব৷ বিজেপি দলে ইমান দিনে বিপুল ভোটৰ ব্যৱধানত জয়ী হব বুলি দাবী কৰি আহিছিল যদিও আজিৰ ভোটগ্ৰহণ দিনা এটা কথা স্পষ্ট হৈছে যে, কংগ্ৰেছ আৰু এ এছ ডি চি দলেও ৰাইজৰ যথেষ্ট সহাৰি লাভ কৰিছে।