ডিফুত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্যা, ডিফু মেডিকেল কলেজত ভৰ্তি ৩৮ গৰাকী ৰোগী...

ৰাজ্যত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা

author-image
Asomiya Pratidin
New Update
ডিফুত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্যা, ডিফু মেডিকেল কলেজত ভৰ্তি ৩৮ গৰাকী ৰোগী...

Diphu Dengi

ডিজিটেল ডেস্ক : ৰাজ্যত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা। আনহাতে ডিফুতো বৃদ্ধি পাইছে ডেংগুত আক্রান্তৰ সংখ্যা। উল্লেখ্য যে দেওবাৰে ডিফু মেডিকেল কলেজত ভৰ্তি ৩৮ গৰাকী ডেংগুত আক্ৰান্ত ৰোগী।

উল্লেখ্য যে ৬ নৱেম্বৰত ১৫৮ গৰাকী ৰোগীৰ ভিতৰত ৭৩ গৰাকী ৰোগীয়েই ডেংগুত আক্ৰান্তৰ পজিটিভ ৰিপৰ্ট পোৱা গৈছে। আনহাতে, ডেংগুৰ ভয়াৱহতাৰ বাবে ডিফুৰ শিক্ষানুষ্ঠান বন্ধৰ ঘোষণাও কৰা হৈছে।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে দেওবাৰে এক জাননীৰ জৰিয়তে স্বায়ত্তশাসিত অঞ্চলটোৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ কথা প্ৰকাশ কৰিছে। ৭নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ ৫ দিন পৰ্যন্ত বন্ধ থাকিব ডিফুৰ সকলোবোৰ শিক্ষানুষ্ঠান।

assam Diphu Dengi diphu