বিজয় উৎসৱ পাতিবলৈ সাজু বিজেপি, ডিফুত আৰম্ভ ভোটগণনা

বিজয় উৎসৱ পাতিবলৈ সাজু বিজেপি, ডিফুত আৰম্ভ ভোটগণনা

author-image
asomiyapratidin
New Update
ৰাজ্যৰ তৃতীয় পৰ্যায়ত ক’ত কিমান ভোটদানৰ হাৰ…

ডিজিটেল সংবাদ, ডিফুঃ ৩ নং স্বায়ত্ত্ব শাসিত লোকসভা সমষ্টিৰ ভোটগনণাৰ বাবে সাজু বিষয়া-কৰ্মচাৰী৷ বৃহস্পতিবাৰে ডিফু কলেজৰ ষ্টং ৰুমত ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ ভোটগনণা হ'ব৷ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা ষ্টং ৰুমত বোকাজান বিধানসভা সমষ্টিৰ, হামৰেণৰ ষ্টং ৰুমত বৈঠালাংচ' বিধানসভা সমষ্টিৰ আৰু হাফলং ষ্টং ৰুমত হাফলং বিধানসভা সমষ্টিৰ ভোটগণনা হ'ব৷

ইতিমধ্যে ভোটগ্ৰহণৰ বাবে সকলো সাজু হৈছে৷ প্ৰথম পোষ্টেল বেলতৰ ভোটগণনা হৈছে৷ হাফলং আৰু ডিফুত পুৱাৰে পৰা আৰম্ভ হৈছে বৰষুণ৷ ইফালে বুধবাৰেই ডিফু নগৰখনত টিপটপ লাইট লগাই বিজয় উৎসৱ পাতিবলৈ সাজু হৈছে বিজেপি।