Advertisment

পুনৰ বিজেপিৰ দখললৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ

পুনৰ এবাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদখন গ'ল বিজেপিৰ দখললৈ। আজি অনুষ্ঠিত হোৱা ভোটগণনাত এই পৰ্যন্ত বিজেপিয়ে ১০ খন আসনত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে বিনা প্ৰতিদ্বন্দিতাৰে আন ৬ খন আসনত বিজয় লাভ কৰাৰ সুবাদতে দলটোৱে প্ৰয়োজনীয় ১৫ খন আসনৰ সীমা অতিক্ৰম কৰিছে।

author-image
Asomiya Pratidin
New Update
উপ নিৰ্বাচনক লৈ সাজু শাসকীয় দলঃ ৫ সমষ্টিৰ দায়িত্ব প্ৰদান নেতা-বিধায়কক

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদখন গ'ল বিজেপিৰ দখললৈ। আজি অনুষ্ঠিত হোৱা ভোটগণনাত এই পৰ্যন্ত বিজেপিয়ে ১০ খন আসনত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে বিনা প্ৰতিদ্বন্দিতাৰে আন ৬ খন আসনত বিজয় লাভ কৰাৰ সুবাদতে দলটোৱে প্ৰয়োজনীয় ১৫ খন আসনৰ সীমা অতিক্ৰম কৰিছে।

Advertisment

উল্লেখ্য, শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা স্বায়ত্তশাসিত পৰিষদখনৰ ভোটগণনা অব্যাহত আছে।কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে আৰম্ভ হোৱা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ভোট গণনাত ইতিমধ্যে বিজেপিয়ে পুনৰ এবাৰ পৰিষদ গঠন কৰাটো নিশ্চিত হৈছে।

নিৰ্বাচনৰ পূৰ্বেই পৰিষদখনৰ ৬ টাকৈ সমষ্টিৰ পৰা বিৰোধী আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ফলত বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছিল।পৰিষদখনৰ পূব মাইবাং, পশ্চিম মাইবাং হাজাদিছা গুণজোং হামৰি আৰু হাৰেংগাজাও সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ক্ৰমে মনজয় লাংথাচা, মোহিত হোজাই, প্ৰজিত হোজাই, নজিৎ কেম্প্ৰাই মনজিত নাইডিং আৰু আমেন্দু হোজাই বিনা প্ৰতিদ্বন্দিতাত জয়লাভ কৰি পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। 

২৮ জন সদস্য বিশিষ্ট উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাবে প্ৰয়োজন ১৫ খন আসনৰ।আজিৰ ভোটগণনাত এইপৰ্যন্ত বিজেপিয়ে ১০ খন আসনত জয়লাভ কৰিছে। পূৰ্বে বিনা প্ৰতিদ্বন্দিতাৰে ৬ টা সমষ্টিত বিজয় লাভ কৰি থৈছে।ফলশ্ৰুতিত বিজেপিৰ মুঠ আসনৰ সংখ্যা ১১ খনলৈ বৃদ্ধি পালে।সেয়ে পৰিষদখন পুনৰ এবাৰ বিজেপিয়ে দখল কৰাটো নিশ্চিত হৈছে।

Also Read: কঠীয়াতলিত পৰিভ্ৰমী পক্ষীৰ জলকেলি

dima hasao assam bjp