অপাৰেচন সেন্দুৰৰ বাবে প্ৰধানমন্ত্ৰী আৰু সেনাক অভিনন্দন জ্ঞাপন দিলীপ শইকীয়াৰ

দিলীপ শইকীয়াই গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল, চি.ডি.এচ অনিল চৌহান আৰু দেশৰ তিনিও গৰাকী সেনা প্ৰধান তথা প্ৰতিগৰাকী জোৱানক কৃতজ্ঞতা জ্ঞাপন কৰে

author-image
Asomiya Pratidin
New Update
sfs

ডিজিটেল সংবাদ, ৰঙিয়া: আজি পুৱতি নিশা ভাৰতীয় সেনাই “অপাৰেচন সেন্দুৰ”ৰ জৰিয়তে যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬ গৰাকী নিৰীহ পৰ্য্যটকক হত্যাৰ সমূচিত প্ৰত্যুত্তৰ দিলে ৷

Advertisment

“দেশক কেতিয়াও শিৰনত কৰিব নিদিও, দেশক কেতিয়াও অৱনমিত হব নিদিও” নীতিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় সেনাই পাক-অধিকৃত কাশ্মীৰ তথা পাকিস্তানৰ ভূখণ্ডস্থিত ৯ টা কৈ সন্ত্ৰাসবাদী শিবিৰ মিচাইলেৰে ধবংস কৰি সমগ্ৰ বিশ্বৰ সন্মুখত কঠোৰতম সন্ত্ৰাসবাদ বিৰোধী স্থিতি প্ৰমাণিত কৰিলে ৷

ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই “অপাৰেচন সেন্দুৰ”ৰ সফল ৰূপায়ণৰ যোগেদি সন্ত্ৰাসবাদীক কঠোৰতম প্ৰত্যুত্তৰ দি দেশ বাসীক গৰ্বিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল, চি.ডি.এচ অনিল চৌহান আৰু দেশৰ তিনিও গৰাকী সেনা প্ৰধান তথা প্ৰতিগৰাকী জোৱানক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

 এই সফলতাৰ জৰিয়তে সন্ত্ৰাসবাদৰ বলি হোৱা প্ৰতিগৰাকী নিৰীহ নাগৰিকক ভাৰতীয় সেনাই ন্যায় প্ৰদান কৰিলে ৷ বুধবাৰে সমগ্ৰ দেশৰ ২৪৪ খন জিলাৰ লগতে অসমৰো ২০ টা স্থানত যুদ্ধকালীন পৰিস্থিতিত ল’বলগীয়া সাৱধানতা আৰু নিজৰ সুৰক্ষা তথা আনক সহায় কৰিব পৰা বিভিন্ন বিষয়ত নাগৰিক সুৰক্ষা অনুশীলন ৰূপায়িত হয় ৷

ৰঙিয়া ৰেলষ্টেচনত গৃহ বিভাগৰ উদ্যোগত ৰূপায়িত হোৱা মকড্ৰিলত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ৰাইজৰ সৈতে উপস্থিত থাকি নাগৰিক সুৰক্ষা বিষয়ৰ পদক্ষেপ সমূহৰ সম্পৰ্কে অৱগত হয় ৷ ৰাজ্যিক সভাপতি শইকীয়াৰ সৈতে এই মকড্ৰিলত প্ৰাক্তন ৰাজ্যিক সভাপতি তথা ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতা উপস্থিত থাকে ৷

সাংসদ দিলীপ শইকীয়া