পুৱা ৫ বজাত ১০৮টা বেলগছৰ পাতেৰে শিৱ পূজা, ‘বডি লেংগুৱেজ’ৰে নিৰ্বাচনত বিজয়ৰ সংকেত দিলীপ শইকীয়াৰ

পুৱা ৫ বজাত ১০৮টা বেলগছৰ পাতেৰে শিৱ পূজা, ‘বডি লেংগুৱেজ’ৰে নিৰ্বাচনত বিজয়ৰ সংকেত দিলীপ শইকীয়াৰ

author-image
asomiyapratidin
New Update
পুৱা ৫ বজাত ১০৮টা বেলগছৰ পাতেৰে শিৱ পূজা, ‘বডি লেংগুৱেজ’ৰে নিৰ্বাচনত বিজয়ৰ সংকেত দিলীপ শইকীয়াৰ

ডিজিটেল সংবাদ, মঙলদৈঃ মঙ্গলদৈত ভোটাৰৰ "বডি লেংগুৱেজ"ৰে নিৰ্বাচনত বিজয়ৰ সংকেত পালে বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়াই। বৃহস্পতিবাৰে মঙ্গলদৈ লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ প্ৰায় পঞ্চাশ শতাংশ ভোটগ্ৰহণ চলি থকা সময়তেই বিজেপি প্ৰাৰ্থী গৰাকীয়ে 'অসমীয়া প্ৰতিদিন'ৰ সৈতে এক সাক্ষাৎকাৰত এই কথা সদৰি কৰে। ৰাতিপুৱা পাচঁ বজাত ১০৮ টা বেলগছৰ পাতেৰে শিৱ পূজা কৰি সাত বজাত নিজ সমষ্টি নলবাৰীৰ পূৰণা সন্ধি বালিকা প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটদান কৰা বি জে পি প্ৰাৰ্থী গৰাকীয়ে এইবাৰ পূৰ্বতকৈ ভোটদানৰ পৰিমাণ বৃদ্ধি হৈ ৮৫-৯০ শতাংশ হ'ব বুলি আশা প্ৰকাশ কৰে।

বিজেপি প্ৰাৰ্থী গৰাকীয়ে জনাই যে, তেওঁ ভোটদানৰ সময়ত মঙ্গলদৈ সমষ্টিৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত গৈ ভোটাৰক লগ কৰোতে তেওঁক প্ৰদৰ্শন কৰা সহাৰি তথা "বডি লেংগুৱেজ"ৰ বাবে তেওঁৰ সপেক্ষে অধিক ভোটদান হোৱাৰ ইংগিত পাইছে। আৰু ইয়ে নিৰ্বাচনত তেওঁৰ বিজয়ৰ সংকেত দিয়া বুলি প্ৰকাশ কৰে।