Advertisment

ডিলাইত নৈশ বাছত জব্দ ৯কোটি টকাৰ হেৰ’ইন...

কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে এখন নৈশবাছত তালাচী চলাই বুজন পৰিমাণৰ হেৰʼইন জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে এখন নৈশবাছত তালাচী চলাই বুজন পৰিমাণৰ হেৰʼইন জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা ডিলাই থানাৰ অন্তৰ্গত ডিলাই তিনিআলিত ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত ডিমাপুৰৰ দিশৰ পৰা মাঞ্জাৰ দিশে আহি থকা এম এন-০৭ এইচ-০০১১ নম্বৰৰ নৈশবাছখনত তালাচী চলায়।

Advertisment

উক্ত তালাচীৰ সময়তে আৰক্ষীৰ দলটোৱে বাছখনৰ পৰা এশটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১.২২০ কিঃগ্ৰাঃ হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। বাছখনৰ পাওদানিৰ ভিতৰত এক গোপন চেম্বাৰ সাজি হেৰʼইনখিনি কৌশলেৰে সৰবৰাহৰ চেষ্টা কৰা হৈছিল।

এই সন্দৰ্ভত আৰক্ষীয়ে বাছখনৰ চালক আমিৰ খান(৩৪) আৰু হেণ্ডিমেন ছিংগামায়ুম ছাজাত(২৫)ক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ধৃত দুয়োটা সৰবৰাহকাৰীৰ ঘৰ মণিপুৰত। জব্দ হোৱা হেৰʼইনখিনিৰ বজাৰ মূল্য কমেও প্ৰায় ৯ কোটি টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

কাৰ্বি আংলং