দিখৌ নদীৰ পানীৰ বৰণ সলনি হোৱাক লৈ চাঞ্চল্য…

দিখৌ নদীৰ পানীৰ বৰণ সলনি হোৱাক লৈ চাঞ্চল্য…

author-image
asomiyapratidin
New Update
দিখৌ নদীৰ পানীৰ বৰণ সলনি হোৱাক লৈ চাঞ্চল্য…

ডিজিটেল সংবাদ, শিৱসাগৰ: বশিষ্ট গংগা ৰূপে পৰিচিত দিখৌ নদীৰ জলৰাশিত পৰিলক্ষিত হৈছে এক অস্বাভাৱিক পৰিৱৰ্তন ৷  দিখৌ নদীৰ জলৰাশিৰ এই অস্বাভাৱিক পৰিৱৰ্তনে জনসাধাৰণক আতংকিত কৰিছে ৷  মাত্ৰ ৭২ ঘন্টাৰ পূৰ্বে দিখৌ নদীত অস্বাভাৱিক গতিত ঘোলা পানী অহাৰ লগতে ভয়ংকৰ ৰূপত উপঙি উঠিছিল থলুৱা প্ৰজাতিৰ প্ৰকাণ্ড প্ৰকাণ্ড মাছ সমুহ ৷

Advertisment

সৰু মাছো মৰিছিল ব্যাপক হাৰত ৷ যোৱা ১০ এপ্ৰিলৰ পুৱতি নিশা প্ৰায় ৩ মান বজাৰ পৰাই দিখৌ নদীত ঘোলা পানীৰ সমানে উপঙি উঠিছিল   কুইন্টলৰ হিচাপত থলুৱা প্ৰজাতিৰ মাছ ৷ হঠাৎ উপঙি উঠা প্ৰকাণ্ড, প্ৰকাণ্ড লিঠা, বৰালী, আৰি, বাহু, পিঠিয়া, ৰৌ মাছ ধৰিবলৈ দিখৌ নদীত নদীপৰীয়া লোকৰ ভিৰ লাগিছিল ৷গৰু বিহুৰ পুৱাৰ পৰা মানুহ বিহুৰ দুপৰীয়া লৈকে দিখৌ নদীত অহা ছাই বৰণীয়া ঘোলা পানীত থলুৱা মাছ উপঙি উঠাৰ ঘটনা অব্যাহত থাকিল ৷

দিখৌ নদীৰ উৎপতি স্থলৰ সমীপত ব্যাপক ৰূপত কয়লাৰ খনন আৰু মজুতকৰণৰ চলি আছে ৷ নদীৰ একেবাৰে কাষত হাজাৰ হাজাৰ টন কয়লা জমা কৰি থোৱা আছে ৷ ফলত বাৰিষাৰ সময়ত বৰষুণৰ পানীৰ সৈতে কয়লাৰ পৰা  নিগৰিত চালফাৰ মিশ্ৰিত পানী একাকাৰ হৈ নদীত বিষক্ৰিয়া ঘটি  এনেদৰে থলুৱা মাছ উপঙি উঠা বুলি  সন্দেহ, আশংকাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তেই এইবাৰ দিখৌ নদীৰ পানীৰ বৰণ সলনি হয় ৷ ছাই মিহলী ঘোলা পানীৰ পৰিৱৰ্তে হঠাৎ দিখৌ নদীৰ জলৰাশি  সেউজীয়া বৰণৰ হৈ পৰাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ৷

সাধাৰণতে পৰিলক্ষিত হোৱা  বৰণৰ জলৰাশিৰ পৰিৱৰ্তে ১৬ এপ্ৰিলৰ পুৱাৰে  পৰা পৰিলক্ষিত হোৱা দৃশ্য আছিল সম্পুৰ্ণ সুকীয়া ৷নদীখনৰ ঠাইয়ে ঠাইয়ে উগ্ৰ গাঢ় সেউজীয়া জলৰাশি  দৃষ্টি গোচৰ হৈছে  ৷ ইফালে নদীৰ ওপৰতেই জীৱন জীৱিকা নিৰ্ভৰশীল নদীপৰীয়া ৰাইজৰ মাজত এই অস্বাভাৱিক ঘটনাই আতংক, কৌতহূলৰ লগতে উৎসূকতাৰ সৃষ্টি কৰিছে ৷ কিয়নো নদীৰ পানীৰ ওপৰতেই দৈনন্দিন কাম কাজ নিৰ্ভৰশীল পৰিয়াল সমুহে অজান আশংকাত এই পানী খোৱাৰ লগতে ব্যৱহাৰ  কৰাৰ পৰাও বিৰত আছে ৷ নদী খনৰ অস্বাভাৱিক জলৰাশিৰ ৰঙ সলনি হোৱাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অৱশ্যে কি কাৰণত নদীৰ পানীয়ে এনে অস্বাভাৱিক বৰণ লৈছে সেই সন্দৰ্ভদ বৰ্তমানো সঠিক তথ্য পোহৰলৈ অহা নাই ৷

 ৰাইজৰ মাজত কোনো স্পষ্ট কাৰণ বা ভিত্তি নাই যদিওঁ সচেতন মহলে নদীৰ জলৰাশিত খাৰুৱা তেলৰ খননৰ লগত জড়িত কোনো প্ৰতিষ্ঠানেে বিষাক্ত ৰাসায়নিক পদাৰ্থ পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ আন একাংশ লোকে  অৱৈধ কয়লা খনন, মজুতকৰণৰ ফলত সৃৃষ্টি হোৱা বিষক্ৰিয়াৰ অংশ বিশেষ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে শিৱসাগৰ জিলাখনৰে জীৱন ৰেখা স্বৰূপ চিৰ যৌৱনা খৰস্ৰোতা দিখৌ নদীত অব্যাহত থকা এই অস্বাভাৱিক পৰিৱৰ্তন স্বাভাৱিকতেই চিন্তা আৰু উদ্বেগৰ কাৰণ হৈ পৰিছে ৷সচেতন মহলে তাৎক্ষণিকভাৱে চৰকাৰ প্ৰশাসনক দিখৌ নদীত পৰিলক্ষিত হোৱা অস্বাভাৱিক   পানীৰ বৰণ পৰিৱৰ্তণৰ আঁৰত ৰাসায়নিক বিষক্ৰিয়া নে স্বাভাৱিক পৰিৱৰ্তণ সেই সন্দৰ্ভদ স্থিতি স্পষ্ট কৰিবলৈ আহব্বান জনাইছে ৷ 

উল্লেখ কৰাৰ প্ৰয়োজন যে সাম্প্ৰতিক সময়ত থলুৱা প্ৰজাতিৰ মাছে কণী পাৰি বংশ বৃদ্ধি কৰে ৷ এনে সময়তেে বিষাক্ত ৰাসায়নিক পদাৰ্থ প্ৰয়োগেৰে নদীৰ সৰু বৰ মাছ নিধন কৰাক লৈ জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

আৰু পঢ়ক: তিনিচুকীয়াত লোকাৰণ্য ৰাজপথ…

assam sivsagar