/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/dihing.jpg)
ডিজিটেল সংবাদ, নামৰূপ: জয়পুৰ বন আঞ্চলিক কাৰ্যালয়ে বিগত কিছুদিনৰ পৰা বন দস্যুৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। ফলশ্ৰুতিত চলিত দুটা মাহৰ ভিতৰত কেইবাটাও বন দস্যুক কৰায়ত্ব কৰাৰ লগতে বহু পৰিমাণৰ ছপা আদি কাঠ জব্দ কৰিছে বিভিন্ন স্থানৰ পৰা ।
মঙলবাৰে নিশা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত তহলদাৰী দিবলৈ যোৱা ছয়জনীয়া দলে বনাঞ্চলৰ ভিতৰত মেচিন কৰতেৰে গছ কটা শব্দৰ উমান লৈ আগবাঢ়ি গৈ অৱশেষত গুলি চালনা কৰিব লগীয়া হয়। বন বিভাগৰ পৰা পোৱা তথ্য মতে উক্ত নিশা প্ৰায় ১২.০০ বজাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বাসৱ নলাৰ দিশে শুকান জুৰিৰ পৰা যোৱা তহলদাৰী দলটো ক্ৰমে ঘন জংঘলৰ দিশে আগুৱাই যায়।
কিছুদূৰ আগবঢ়াৰ পিছত বন কৰ্মী সকলে দুষ্কৃতিকাৰীয়ে মেচিন কৰতেৰে গছ কাটি থকাৰ শব্দ শুনিবলৈ পায়। বিভাগীয় দলটো ক্ৰমাৎ আগুৱাই যোৱাত এটা সময়ত দুষ্কৃতিকাৰীৰ সৈতে গুলীয়া গুলী সংঘটিত. হয়। অৱশ্যে ঘোৰ আন্ধাৰৰ সুযোগতে দুৰ্বৃত্ত পলাই যায়। গুলিয়াগুলিত কোনো নিহত হোৱা নাই যদিও ঘন জংঘল এন্ধাৰত দৌৰা দৌৰি কৰোঁতে বনকৰ্মী কেইজনে শৰীৰত কিছু আঘাত পায়।
ঘটনাস্থলীৰ পৰা এটা মেচিন কৰতৰ সৈতে অনান্য সামগ্ৰী উদ্ধাৰ কৰিছে জয়পুৰ আঞ্চলিক বনাঞ্চলিক কাৰ্যলয়ে। ইফালে আজিও জয়পুৰ আঞ্চলিক বন বিষয়া পুষ্পধৰ বুঢ়া গোঁসাইৰ নেতৃত্বত পুনৰ বন কৰ্মী দলটো ঘটনা থলীত উপস্থিত হৈ বনাঞ্চলৰ বিভিন্ন স্থান নিৰীক্ষণ কৰি তিনিটা টুপী আৰু টৰ্চ লাইট উদ্ধাৰ কৰিছে বুলি জানিবলৈ দিয়ে বন বিষয়া গৰাকীয়ে। উল্লেখৰ প্ৰয়োজন যে বিগত কেইমাহ মান পূৰ্বেও জয়পুৰ বনাঞ্চলিক কাৰ্যলয়ৰ এটা তহলদাৰী দল নিশা তহলদাৰী কৰিবলৈ গৈ এনেদৰে বন দস্যুৰ মুখামুখি হৈ গুলিয়া গুলি সংঘটিত হৈছিল।
আৰু পঢ়ক: বকোত ড্ৰাগছ সহ আটক দুই সৰবৰাহকাৰী