৭৫টা ডিজিটেল বেংক শাখা দেশবাসীলৈ উচৰ্গা প্ৰধানমন্ত্ৰীৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশৰ ৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংক শাখা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে উদ্বোধন কৰে

author-image
Asomiya Pratidin
New Update
৭৫টা ডিজিটেল বেংক শাখা দেশবাসীলৈ উচৰ্গা প্ৰধানমন্ত্ৰীৰ...

digital bank

ডিজিটেল ডেস্ক, গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশৰ ৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংক শাখা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে উদ্বোধন কৰে। ইয়াৰ ভিতৰত বাক্সা জিলাৰ মুছলপুৰৰ বেলগুৰি পথাৰ শাখাটোও উদ্বোধন কৰা হয়।

Advertisment

এই উপলক্ষ্যত শাখাটোত আয়োজিত এক অনুষ্ঠানত বিত্ত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে বেংকিং সেৱাৰ ক্ষেত্ৰত আজিৰ দিনটো দেশৰ বাবে ঐতিহাসিক বুলি অভিহিত কৰে। বেংক সেৱাৰ ক্ৰমবৰ্ধমান 'ডিজিটেলাইজেশ্যন' দেশীয় অৰ্থনীতিৰ বাবে সুদূৰপ্ৰসাৰী, ইতিবাচক ইংগিত বুলি তেওঁ মত প্ৰকাশ কৰে।

উল্লেখ্য যে আগন্তুক ২৫ বছৰত ২৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি হ'বলৈ ভাৰতে দেখা সপোনৰ বাটত বেংক সেৱাৰ 'ডিজিটেলাইজেশ্যন্‌'ৰ উল্লেখযোগ্য ভূমিকা আছে বুলিও মন্ত্ৰী অজন্তা নেওগে মন্তব্য কৰে।

এই অনুষ্ঠানত বিত্তমন্ত্ৰী নেওগৰ উপৰি হস্ত-বস্ত্ৰতাঁত আৰু বড়োলেণ্ড উন্নয়ন মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম, সাংসদ নৱ কুমাৰ শৰণীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ উপৰি ষ্টেট বেংকৰ কেইবাগৰাকিও শীৰ্ষ বিষয়া উপস্থিত থাকে।

assam india narendra modi ajanta neog