/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/09/52145-fuel-pixabay-jhhghghghgg.jpg)
diesel price hike
ডিজিটেল ডেস্ক: পূজাৰ বতৰত ৰাজ্যবাসীলৈ দুঃখবৰ।আকৌ বৃদ্ধি পালে ডিজেলৰ দাম । ডিজেলত VAT বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে।
২.০৫ শতাংশ VAT বৃদ্ধি প্রতিলিটাৰ ডিজেলত। গুৱাহাটীত প্রতিলিটাৰ ডিজেলৰ হ’লগৈ ৮৬.৯৫ টকা। শুকুৰবাৰে প্রতিলিটাৰ ডিজেলৰ দাম আছিল ৮৪.৯৪ টকা।
পূৰ্বতে ডিজেলত VAT আছিল ১৪.৬৪ শতাংশ। এতিয়া ডিজেলত VAT ৰ পৰিমাণ হ’ব ১৬.৬৯ শতাংশ। শনিবাৰৰ পৰা কাৰ্যকৰী হ’ল এই নিৰ্দেশনা।
পূৰ্বে ৰাজ্য চৰকাৰে ডিজেলত VAT ৰেহাই দিছিল। পূৰ্বতে ডিজেলত VAT ৰেহাই আছিল ২.৪ শতাংশ। ২০২২ চনৰ ৩০ জুলাইৰ অধিসূচনা প্রত্যাহাৰ কৰি এতিয়া VAT ৰেহাইৰ পৰিমাণ হ’ব ১.৯২ শতাংশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us