বৰবৰুৱাৰ যুৱক নিৰুদ্দেশ

বৰবৰুৱাৰ যুৱক নিৰুদ্দেশ

ডিজিটেল সংবাদ,ডিব্ৰুগড় : ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত জকাই ওলোম পথাৰ গাঁও নিবাসী শৰালী হাজৰিকাৰ জ্যেষ্ঠ পুত্ৰ অংকুল হাজৰিকা যোৱা কেবাদিনো ধৰি নিৰুদ্দেশ হৈ আছে। ইতিমধ্যে পৰিয়ালৰ লোকে বৰবৰুৱা আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কে অৱগত কৰিছে বুলি জানিবলৈ দিছে।

অতিশয় অমায়িক আৰু সহজ সৰল চৰিত্ৰৰ যুৱকজনৰ নিৰুদ্দেশ হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ আৰু শোকাকুল পৰিস্থিতিয়ে বিৰাজ কৰিছে। পৰিয়ালৰ লোকে উক্ত যুৱকজনৰ সন্ধান পালে 6900904745 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।উল্লেখযোগ্য যে, প্ৰেমৰ পৰিণতিৰ ফলত এই ঘটনা ঘটাৰ আশংকা প্ৰকাশ কৰিছে অংকুলৰ পিতৃ-মাতৃয়ে।

বৰবৰুৱাৰ যুৱক নিৰুদ্দেশ
চিকিৎসকৰ ঘৰত চোৰৰ চাফাই অভিযান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in