নামৰূপৰ বিভিন্ন স্থানত বিশ্ব পৰিবেশ দিৱস

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্তিলাইজৰ ক'ৰ্পৰেচন লিমিটেডত “প্লাষ্টিক প্ৰদূষণ অন্ত কৰো আহক” বিষয়বস্তুৰ লগত  সংগতি ৰাখি পৰিৱেশ সংৰক্ষণ  আৰু সামাজিক দায়বদ্ধতাৰ  প্ৰতিশ্ৰুতি পালন কৰে।

author-image
Asomiya Pratidin
New Update
নামৰূপৰ বিভিন্ন স্থানত  বিশ্ব পৰিবেশ দিৱস 

ডিজিটেল সংবাদ নামৰূপঃ  বিশ্ব পৰিবেশ দিৱসটি নামৰূপৰ বিভিন্ন স্থানত উদযাপন কৰা হয়।  ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্তিলাইজৰ কৰ্পৰেচন লিমিটেডত  “প্লাষ্টিক প্ৰদূষণ অন্ত কৰো আহক” বিষয়বস্তুৰ লগত  সংগতি ৰাখি পৰিৱেশ সংৰক্ষণ  আৰু সামাজিক দায়বদ্ধতাৰ  প্ৰতিশ্ৰুতি পালন কৰে। জ্যেষ্ঠ মহাপ্ৰবন্ধক  (কাৰিকৰী সেৱা) উত্তম খনে আঁত ধৰা অনুষ্ঠানটিত উদ্যোগটোৰ অধ্যক্ষ তথা পৰিচলন সঞ্চালক মোহন ৰাজ শ্বেটীৰ নেতৃত্বত সকলো কৰ্মচাৰীয়ে শপথ বাক্য পাঠ কৰে ।

Advertisment

মুখ্য  অতিথি হিচাপে দিয়া ভাষণত শ্বেটীয়ে  প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাসৰ কৰাৰ ওপৰত  সকলোকে গুৰুত্ব আৰোপ কৰিবলৈ  কয়। তেওঁ কয়, যে  প্লাষ্টিকৰ  প্ৰয়োজনীয়তা নুই কৰিবও নোৱাৰি কিন্তু আমি পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ হলে অতি সচেতন হোৱা প্ৰয়োজন।

ইয়াৰ পিছতে বিত্ত সঞ্চালক সুভাষ চন্দ্ৰ দাস আৰু উৎপাদন সঞ্চালক পি. কে. বনিকে ভাষণ প্ৰসঙ্গত বিভিএফচিলৰ পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত দৃষ্টিভংগীৰ আলোকপাত কৰে। পৰৱৰ্তী পৰ্যায়ত বিভিএফচিএলৰ প্ৰাংগণত নিম পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা  হয়।

আনুষ্ঠানিক ভাবে গছ পুলি ৰোপণ কাৰ্যসূচী উদ্বোধন কৰে  অধ্যক্ষগৰাকীয়ে। উল্লেখযোগ্য যে বি ভি এফ চি এলে  Neem-coated Mukta Urea উৎপাদন কৰে আৰু তাৰ বাবে নিম তেলৰ প্ৰয়োজন হয়। সেয়ে  পৰিকল্পিত ভাবে এই বছৰত কেৱল নিম পুলি ৰোপণ কৰা হয় যাতে আগলৈ কোম্পানীটোৱে নিম তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰিব পাৰে।

এই অনুষ্ঠানটোক অধিক সমাজমুখী কৰাৰ মানসেৰে  স্থানীয় বিদ্যালয়সমূহত  নিম পুলি  বিতৰণ কৰা হয়। লগতে স্থানীয় উদ্যানখনতো গছ ৰোপণ কৰা হয়। আনহাতে নামৰূপৰ সংকল্প ফাউণ্ডেশ্যনৰ উদ্যোগত আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় বিদ্যালয় আৰু ব্ৰক্ষ্মপুত্ৰ ভেলী সাৰ নিগম নামৰূপ চিকিৎসালয়ত প্ৰায় ৫০ টা বগিবমা, বৰ জামুক , সাঁচি গছপুলি ৰোপণ কৰা হয়।

অনুষ্ঠানত উপস্থিত থাকে  সভাপতি - ধ্ৰুৱজ্যোতি বাগলাৰি, সম্পাদক সঞ্জীৱ সোণোৱাল, প্ৰচাৰ সম্পাদক বসন্ত গগৈকে আদি কৰি প্ৰায় অৰ্ধ শতাধিক সদস্য উপস্থিত থাকে।

নামৰূপ বিশ্ব পৰিৱেশ দিৱস