/asomiyapratidin/media/media_files/2025/06/02/ddlHGGeYgt4Wry6MptrE.jpg)
ডিজিটেল সংবাদ, নামৰূপঃ ৰহস্যজনক কাৰণত নামৰূপ তাপবিদ্যুৎ প্ৰকল্পত চলি থকা টাৰবাইন বন্ধ কৰাৰ নিৰ্দেশ প্ৰদানক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। উল্লেখ্য যে, যোৱা ২৫ মে’ত এক ৰহস্যজনক কাৰণত উৎপাদনক্ষম অৱস্থাত নামৰূপ তাপবিদ্যুৎ প্রকল্পৰ টাৰবাইন জেনেৰেটৰসমূহ বন্ধ কৰিবলৈ ঊর্ধ্বতন কর্তৃপক্ষই নির্দেশ দিয়ে।
ইয়াৰ পিছত পুনৰ ৩১ মে’ত NRPP আৰু NTPS ৰ উৎপাদন বন্ধ কৰিবলৈ নিৰ্দেশনা অহাত দুয়োটা প্ৰকল্প বন্ধ কৰি দিয়া হয়। নামৰূপৰ উপৰিও কাৰ্বিলাংপি জলবিদ্যুৎ প্রকল্প আৰু লাকুৱা তাপবিদ্যুৎ প্ৰকল্পৰ উৎপাদনো সম্পূৰ্ণৰূপে বন্ধৰ নির্দেশ দিছে কর্তৃপক্ষই।
এনেদৰে একেটা মাহতে দুবাৰ কৈ উৎপাদন বন্ধ কৰাৰ নিৰ্দেশনা অহাত শংকিত হৈ পৰিছে সদৌ অসম বিদ্যুৎ কৰ্মচাৰী সংঘ, নামৰূপ শাখা। তাৰ পৰিপ্ৰেক্ষিততে আজি সংগঠনটোৱে নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ ইউনিয়নৰ কাৰ্য্যালয়ৰ সন্মুখত মুখ্য এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হুচিয়াৰ আদি শ্লোগান দি উত্তাল কৰি তোলে তাপ বিদ্যুৎ কেন্দ্ৰৰ পৰিবেশ। এই সন্দৰ্ভত মহাপ্ৰবন্ধকলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে।
এই সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে বৰ্তমান বিদ্যুতৰ মূল্য নিৰীক্ষণ কৰি থাকে এচ এল ডি চিয়ে। বিদ্যুৎ সেৱা বিদ্যুৎ ব্যৱসায়লৈ ৰূপান্তৰ হোৱাৰ পিছত বিদ্যুতৰ প্ৰতি ইউনিট মূল্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।
জানিব পৰা মতে ২৫ মে’ আৰু ৩১ মে’ ত বিভিন্ন কাৰণত অসমত বিদ্যুতৰ চাহিদা কমি যোৱাত ৰাজ্যখনত ব্যৱহৃত বিদ্যুৎ অতি নিম্ন মূল্যত Indian Energy Exchange ৰ পৰা ক্ৰয় কৰা হয়। কাৰণ Indian Energy Exchange তকৈ APGCL, নীপকো আদিৰ বিদ্যুতৰ প্ৰতি ইউনিট মূল্য তুলনামুলক ভাবে অধিক হোৱাৰ বাবে SLDC-এ এনে সিদ্ধান্ত লয় বুলি জানিবলৈ দিয়ে।
লক্ষণীয় যে SLDC য়ে এনে সিদ্ধান্ত পুৰ্বেও গ্ৰহণ কৰিছিল যদিও সেই সময়ত উদ্যোগটো নূন্যতম ল'ডত চলাই ৰাখিবলৈ দিছিল। কিন্তু এইবাৰ পূৰ্ণ গতিৰ চলি থকা টাৰবাইন সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ নিৰ্দেশনা দিয়া হয়।
সেয়ে ইয়াক উদ্যোগটোৰ বাবে এক অশনি সংকেত বুলি ধাৰণা কৰা হৈছে। কাৰিকৰী দিশত এই কাৰ্য অত্যন্ত ক্ষতিকাৰক হোৱাৰ লগতে উদ্যোগটোৰ লগত জড়িত বিষয়া-কৰ্মচাৰীৰ ভৱিষ্যতৰ প্ৰতিও সন্দিহান হৈ পৰিছে।
গ্রীষ্মৰ সময়ত সমগ্র অসমত প্রায় দুহেজাৰ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হয়। ইয়াৰে অসম চৰকাৰৰ অধীনৰ তিনিটা গোটে ৩০০-৩৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰে।
এনে সময়ত অসম চৰকাৰৰ বিদ্যুৎ নিগমে এনেধৰণৰ বিদ্যুৎ উৎপাদন স্থবিৰ কৰাৰ কাৰণ অতিকৈ ৰহস্যঘন। এক সূত্ৰৰ খবৰ অনুসৰি অসম চৰকাৰে ব্যক্তিগত কোম্পানীৰ পৰা অধিক বিদ্যুৎ ক্রয় কৰি ৰাজ্যত বিদ্যুৎ যোগান অব্যাহত ৰখাৰ বাবেই ৰাজ্যৰ থলুৱা উৎপাদন বন্ধ কৰা হৈছে।
এনেদৰে আগতীয়া কোনো প্ৰস্তুতি নোহোৱাকৈ হঠাৎ উৎপাদন গোটকেইটা বন্ধৰ নিৰ্দেশে কোম্পানীটোৰ লোকচান অনাৰ লগতে অনাগত দিনত বিষয়া-কর্মচাৰীৰ জীৱনলৈ আশংকা আনিব বুলি আসাম ষ্টেট্ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন নামৰূপ শাখাই অভিযোগ কৰে। জানিব পৰা মতে নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচনৰ উৎপাদন বৰ্তমানলৈকে বন্ধ ৰখাৰ বিপৰীতে NRPPৰ উৎপাদন দেওবাৰে ৭.১৮ বজাৰ পৰা চলাবলৈ নিৰ্দেশনা লাভ কৰে।