আৱৰ্জনাৰ দুৰ্গন্ধত অতিষ্ঠ সাধাৰণ জনতা...

টেঙাখাত ৰাজহ চক্ৰলৈ যোৱা নগৰাঞ্চলৰ পথৰ কাষত দুৰ্গন্ধময় আৱৰ্জনা
আৱৰ্জনাৰ দুৰ্গন্ধত অতিষ্ঠ সাধাৰণ জনতা...

ডিজিটেল সংবাদ, টেঙাখাত : লোকনিৰ্মাণ বিভাগৰ অধীনৰ টেঙাখাত চাবুৱা পথৰ টেঙাখাত নগৰৰ পৰা আৰম্ভ হোৱা ঠাইত তথা দৈনিক বজাৰৰ কাষত মাছ-মাংসৰ পেলনীয়া অংশ, মাছৰ কাৰ্টুন তথা বিভিন্ন আৱৰ্জনা পেলাই এক কদৰ্যময় তথা দুৰ্গন্ধ পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

এটা গেছৰ পাম্প ষ্টেচনৰ কাষতে দম-দম আৱৰ্জনা পেলোৱাৰ স্বত্বেও স্থানীয় প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰাত ভুক্তভুগী সচেতন ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে । উল্লেখ্য যে, উক্ত পথেৰে টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, টেঙাখাত আৰক্ষী থানা, টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ যাতায়ত কৰা অতি ব্যস্ততাপূৰ্ণ পথ ।

প্ৰায় এশ-দুশ-আঢ়ৈশ মিটাৰ দূৰত্বৰ ভিতৰতে মৌজাদাৰ কাৰ্যালয়, ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, টেঙাখাত আৰক্ষী থানা আদি অৱস্থিত যদিও কদৰ্যময় তথা দুৰ্গন্ধময় উক্ত জাৱৰ-জোথৰ পেলোৱা কাৰ্যৰ প্ৰতি প্ৰশাসনৰ দৃষ্টিগোচৰনোহোৱাটো অতি পৰিতাপৰ বিষয় হৈ পৰিছে ।

আৱৰ্জনাৰ দুৰ্গন্ধত অতিষ্ঠ সাধাৰণ জনতা...
ন্যায়! ধূলিৰ মাজত আৱদ্ধ লাখ লাখ মানুহৰ আৰ্তনাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in