/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e1f6c163-1a65-498a-af66-784f09a93956/AP_FOR_WEB_tangakhat.jpg)
ডিজিটেল সংবাদ, টেঙাখাত : বৃহত্তৰ টেঙাখাত অঞ্চলৰ ৰাইজৰ সহযোগত ৩৫ সংখ্যক নিজ টেঙাখাত ব'হাগী বিদায় সন্মিলন দেওবাৰৰে পৰা তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে টেঙাখাতৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা ৰঙ্গমঞ্চত আৰম্ভ হয়। পুৱা উদযাপন সমিতিৰ সভাপতি ললিত চমুৱাই বিহু পতাকা উত্তোলন কৰাৰ পিছতে স্মৃতি তৰ্পন আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰাপায়ন কৰে উদযাপন সমিতিৰ মুখ্য সম্পাদক অজয় গগৈয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6fe6e50a-13e7-4213-ae2e-e9de9546d9c0/WhatsApp_Image_2023_05_14_at_2_41_45_PM.jpeg)
ইয়াৰ পিছত সমীপত অৱস্থিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা স্থায়ী প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন কৰে অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে । উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক দীপক গগৈয়ে আঁত ধৰা উল্লেখিত কাৰ্যসূচীত উদযাপন সমিতিৰ মুখ্য বিষয়ববীয়া একাংশ প্ৰাক্তন বিষয়ববীয়া তথা শুভাকাংক্ষীক ফুলাম গামোচাৰে বিহুৰ ওলগ জনোৱা হয় । উল্লেখ্য যে, তিনিদিনীয়া কাৰ্যসূচী অনুসৰি আজি ঢোলবাদন পেঁপা বাদন প্ৰতিযোগিতা, মইনা দলৰ গছতলৰ বিহু, মইনা দলৰ হুঁচৰি প্ৰতিযোগিতা বিহুনাচ প্ৰতিযোগিতাৰ অন্তত বহু নবীন প্ৰবিন শিল্গীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ea3f3943-92d3-42a4-ad89-613e44ab347e/WhatsApp_Image_2023_05_14_at_2_41_47_PM.jpeg)
উল্লেখ্য যে, ১৫ মে'ত যুৱতী দলৰ জেং-বিহু প্ৰতিযোগিতা, বোৱাৰী বিহু প্ৰতিযোগিতা, যুৱক দলৰ হুঁচৰি প্ৰতিযোগিতা আৰু নিশা বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । অন্যহাতে অন্তিম দিনা অৰ্থাৎ ১৬ মে'ত বাঁহী বাদন প্ৰতিযোগিতা, বিহুনাম প্ৰতিযোগিতা, আধুনিক নৃত্য প্ৰতিযোগিতা আদিৰ অন্তত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/2c17ea9f-26c3-48ac-b8df-93b1aaf673f7/WhatsApp_Image_2023_05_14_at_2_41_45_PM__2_.jpeg)
স্মৰ্তব্য যে, শেষৰ দিনা অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠানত আমন্ত্ৰিত জনপ্ৰিয় শিল্পী দীপাম্বিতা ডেকাই গীতৰ শৰাই আগবঢ়াব । উদযাপন সমিতিয়ে সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰাৰ লগতে প্ৰতিযোগী সকলক ৯১০১২৪৩৩১০, ৯৯৫৪৫৪৬২৯৯ আৰু ৯৯৫৭২৬২৮১১ নম্বৰত যোগাযোগত কৰিবলৈ আহ্বান জনাইছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1f976eb2-9563-4efa-b435-610d385be87b/WhatsApp_Image_2023_05_14_at_2_41_47_PM.jpeg)
Also Read: "মা" লৈ কিমান হেঁপাহ!...