/asomiyapratidin/media/media_files/2025/03/03/cOOtzOv5OzqqTkUvF7oY.jpg)
জিটেল সংবাদ নামৰূপঃভাৰতীয় ষ্টেট বেংকৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নামৰূপ শাখাই আজি নামৰূপ দিল্লী দোৱনীয়া প্ৰাথমিক বিদ্যালয়ত উন্নয়নমূলক কাৰ্য্যসূচী ৰূপায়ন কৰে। নামৰূপ এছ বি আই শাখাই শাখাৰ সমুখতে থকা দিল্লী দোৱনীয়া প্ৰাথমিক বিদ্যালয়খনত পাঁচ লাখ টকাৰ অনুদান প্ৰদান কৰে।
/asomiyapratidin/media/media_files/2025/03/03/7G2pI3Oghfpwm10tYCYn.jpeg)
উক্ত ধন ৰাশিৰে বিদ্যালয়ত সম্পূৰ্ণ পানী সংযোগ মেৰামতি, তিনিটা হাত ধোৱা বেচিন, টিন-পাত ৰং কৰা, গেটৰ ৰং কৰা,শ্ৰেণী কোঠাৰ পকী বেৰৰ ৰং কৰা, ১৬/৩০ ফুট দৈৰ্ঘ্যৰ আধুনিক চাইকেল ষ্টেণ্ড নিৰ্মাণ, কাৰ্যালয়,শ্ৰেণী কোঠা আৰু ৰান্ধনীঘৰত ব্যৱহৃত সঁজুলি, দুখন সচিব-টেবুল আৰু দুখন চকী,এটা ডাঙৰ গেছ ষ্টোভ,তিনিটা কিতাপ থোৱা আলমীৰা এটা গড্ৰেজ অলমিৰা, এটা পানী বিশুদ্ধক একুৱা গাৰ্ড,পাঁচখন চিলিংফেন প্ৰদান কৰে।
/asomiyapratidin/media/media_files/2025/03/03/FTdB9SJbmHVNDotU0Y2J.jpeg)
ইয়াৰ উপৰিও মুখ্য প্ৰবেশদ্বাৰ পকীকৰন বিদ্যালয়ৰ শৌচাগাৰ মেৰামতিৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি সম্পৰ্কীয় বিভিন্ন কাম কৰা হয়। আজি বিদ্যালয় প্ৰাংগনত অনুস্থিত সভাত বেংক কৰ্তৃপক্ষই ফিটা কাটি আনুষ্ঠানিকভাবে বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষকক সামগ্ৰীসমূহ হস্তান্তৰ কৰে।
আজিৰ অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংক নেটৱৰ্ক-১, উত্তৰ পূব মণ্ডলৰ নেটৱৰ্ক-১ৰ মহা প্ৰবন্ধক অমৰেশ কুমাৰ ঝা,প্ৰশাসনিক কাৰ্য্যালয়ৰ উপ-মহাপ্ৰবন্ধক অমিত কুমাৰ, আঞ্চলিক প্ৰবন্ধক প্ৰশান্ত কুমাৰ শৰ্মা নামৰূপ শাখাৰ মহাপ্ৰবন্ধক প্ৰাণদ্বীপ পাল, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নয়নমণি গগৈ পৰিচালনা সমিতিৰ সভাপতি আব্দুল কৰিম শ্বেখ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t113605374z-ap-logo-2025-10-29-17-06-05.png)
Follow Us