/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/da11b510-5340-440d-8f59-cec91b978c79/RANOJ_PEGU_19.jpg)
চাহ নগৰী চাবুৱাত ৰণোজ পেগুৱে উদ্বোধন কৰিলে আদৰ্শ বিদ্যালয়...
ডিজিটেল সংবাদ চাবুৱাঃ বাগিছা অঞ্চলত শিক্ষা প্ৰসাৰৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ক্ৰমান্বয়ে যেন আৰু এখোজ আগবাঢ়িছে ৰাজ্য চৰকাৰ।
সেই অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে চাহ নগৰী চাবুৱাতো স্হাপন কৰা হৈছে চাহ বাগিছা আদৰ্শ বিদ্যালয়। সোমবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে চাহ নগৰী চাবুৱাত উদ্বোধন কৰিলে নাহৰতলি চাহ বাগিছা আদৰ্শ বিদ্যালয়।
বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰা হয় বিদ্যালয়খন।আনহাতে উক্ত উদ্বোধনী অনুষ্ঠানতে একাংশই মানুহে এনেই হুলস্থুল কৰি বাতৰি কৰাক লৈ কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে "কিছুমান মানুহে হুলস্থুল কৰি বাতৰি পৰিৱেশন কৰে চৰকাৰে অসমীয়া মাধ্যমৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে বুলি প্ৰচাৰ চলাইছে।
তেওঁ কয়, চৰকাৰে অসমীয়া মাধ্যমৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা নাই। যি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী নাই তেনে বিদ্যালয়হে ওচৰৰ বিদ্যালয়ৰ লগত সংলগ্ন কৰা হৈছে। ছাত্ৰ-ছাত্ৰী নথকা বাবে বিদ্যালয় বন্ধ হৈছে।
উল্লেখযোগ্য যে, এই বিদ্যালয় উদ্বোধনী অনুষ্ঠানত সময়ত উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ লগতে অন্য বহুতো ব্যক্তি।
Providing education in tea garden areas is a priority for HCM Dr. @himantabiswa-led Govt of Assam.
Inaugurated a Model High School at Nahartoli Tea Garden in Dibrugarh in presence of Hon'ble MP Shri @PradanBaruah, MLA Shri @PunakanBaruah @dc_dibrugarh & other dignitaries. pic.twitter.com/HHsuIgR7w0— Ranoj Pegu (@ranojpeguassam) June 19, 2023
Also Read: সাংবাদিক হ'ল হিমন্ত বিশ্ব শৰ্মাৰ জীয়ৰী সুকন্যা...